Shringhal Chaliha relieved of duty for one month:শৃংখল চলিহাৰ বিৰুদ্ধে কঠোৰস্থিতি বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় নেতৃত্ব !

এমাহৰ বাবে সংগঠনৰ সকলো কাৰ্যসূচীৰ পৰা বিৰত থকাৰ নিৰ্দেশ, পৰিয়ালৰ স'তে সময় অতিবাহিত কৰাৰ পৰামৰ্শ

singhalpp

Shringhal Chaliha relieved of duty for one month:

বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃংখল চলিহাৰ বিৰুদ্ধে কঠোৰস্থিতি বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় নেতৃত্বৰ ৷ চলিহাক এমাহৰ বাবে সাময়িকভাবে সকলো কাৰ্যসূচীৰ পৰা বিশ্ৰাম লোৱাৰ নিৰ্দেশ ৷ এই সময়ছোৱাত সামাজিক মাধ্যম,সংবাদ মাধ্যম আৰু সংগঠনৰ সকলো কাৰ্যসূচীৰ পৰা বিৰত থাকি পৰিয়ালৰ স’তে সময়দিয়াৰ অনুৰোধ সংগঠনটোৰ মুখ্য সচিব ৰণ্টু পানীফুকনৰ ৷

আজি এক পত্ৰযোগে শৃংখল চলিহাক এই সিদ্ধান্ত সদৰি কৰিছে পানীফুকনে ৷ পত্ৰখনত উল্লেখ কৰাৰ দৰে এই নিৰ্দেশনা আজিৰ পৰা কাৰ্যকৰী হ’ব ৮ ছেপ্তেম্বৰলৈকে ৷

Exit mobile version