Deadbody Recovered In kamakhya:
মহানগৰীৰ নীলাচল পাহাৰৰ শক্তিপীঠ কামাখ্যাত চাঞ্চল্য ৷ সিদ্ধেশ্বৰ মন্দিৰৰ পুখুৰীত পুনৰ উদ্ধাৰ এটা মৃতদেহ ৷ মৃতদেহটো এগৰাকী মহিলাৰ ৷ এই পৰ্যন্ত পৰিচয় ওলোৱা নাই অচিনাক্ত মৃতদেহটোৰ ।
ADVERTISEMENT
উল্লেখ্য যে,কেইদিনৰ পূর্বে কামাখ্যা মন্দিৰৰ মূল পুখুৰীতো উদ্ধাৰ হৈছিল এগৰাকী পাণ্ডাৰ মৃতদেহ ৷ কামাখ্যাত কেইদিনৰ মানৰ ব্যৱধানত দুটাকৈ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷
আনহাতে কামাখ্যা আৰক্ষী উপস্থিত হৈ সিদ্ধেশ্বৰ মন্দিৰৰ পুখুৰীত উদ্ধাৰ হোৱা মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰে ৷






























