Old Saraighat Bridge:
মহানগৰীৰ ব্ৰহ্মপুত্ৰৰ ওপৰত থকা পুৰণি শৰাইঘাট দলঙৰে যানবাহন চলাচল বন্ধ হ’ব আঠঘন্টাৰ বাবে। শনিবাৰে নিশা দহবজাৰ পৰা দেওবাৰে পুৱা ছয়বজালৈ সকলো ধৰণৰ যানবাহনৰ চলাচল বন্ধ ঘোষণা কৰিছে মালিগাঁৱস্থ উত্তৰ-পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই ৷ পুৰণি শৰাইঘাট দলঙত থকা ৰে’লৱে লাইন মেৰামতিৰ বাবে আঠ ঘন্টাৰ বাবে যানবাহন চলাচল বন্ধ কৰিছে ৰে’লৱে কৰ্তৃপক্ষই ৷
