Sibsagar:শিৱসাগৰত জাতীয় জনগোষ্ঠীয় সংগঠনৰে মতবিনিময় বিশিষ্ট আইনজীৱী নেকিবুৰ জামানৰ

nekibur zaman

Sibsagar:

শিৱসাগৰত মিঞা কেন্দ্ৰীক বিষয়ক লৈ উত্তাল হৈ থকাৰ মাজতে শনিবাৰে শিৱসাগৰত উপস্থিত হয় অসম আন্দোলনৰ শীৰ্ষ নেতা তথা বিশিষ্ট আইনজীৱী নেকিবুৰ জামান

এসময়ৰ আছুক সন্মুখৰ পৰা নেতৃত্ব দিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা গৰাকীয়ে শিৱসাগৰৰ জাতীয় জনগোষ্ঠীয় সংগঠনৰ স’তে এক মতবিনিময় অনুষ্ঠানত মিলিত হয় । মিলিত হয় উজনি অসম মুছলমান পৰিষদৰ নেতৃবৰ্গৰ স’তে ৷

ইয়াৰ পিছতে এক সংবাদমেল সম্বোধন কৰি নেকিবুৰ জামানে বৰ্তমানৰ উদ্ভৱ হোৱা পৰিবেশৰ পৰা খিলঞ্জীয়া মুছলমান সকলক আঁতৰি থাকিবলৈ আহ্বান জনায় ৷ তেওঁ আৰু কয় যে,খিলঞ্জীয়া মুছলমান সকল ইছলাম ধৰ্মৰ লোক ৷কিন্ত কোনো কাৰণতে সন্দেহযুক্ত বাংলাদেশীৰ সমর্থক নহয় ৷ উজনিৰ খিলঞ্জীয়া মুছলমান ৰাইজে কোনো কাৰণতে সন্দেহযুক্ত বাংলাদেশীক ৰক্ষনাবেক্ষণ বা প্ৰশ্ৰয় নিদিয়ে ৷ অনন্ত অনাদি কাললৈ অসমীয়া বৃহত্তৰ জাতি গঠনত একাত্ম হৈ থাকিব খিলঞ্জীয়া মুছলমান ৰাইজ ৷

Exit mobile version