পাঁচ লাখৰ প্ৰতিশ্ৰুতি দি দিলে পাঁচ হেজাৰৰ চেক ! 

দুৰ্যোগগ্ৰস্ত উত্তৰকাশীত অনুদানৰ বাবে সৰ্বহাৰাৰ প্ৰতিবাদ

Dharali cover

Uttarkashi:✒️প্ৰতিশ্ৰুতি দিয়া হৈছিল পাঁচ লাখ টকাৰ।কিন্তু সৰ্বহাৰা পৰিয়ালসমূহৰ হাতত তুলি দিয়া হৈছে মাত্ৰ পাঁচ হেজাৰ টকাৰ চেক।এনে অন্যায়ৰ অভিযোগ উত্থাপন হৈছে দুৰ্যোগপীড়িত উত্তৰকাশীত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ।

অৱশ্যে এই অনুদান নাকচ কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে ইতিমধ্যে প্ৰতিবাদ আৰম্ভ কৰিছে । তেওঁলোকে কয় যে এই অনুদান যথেষ্ট নহয়।

অৱশ্যে উত্তৰকাশী জিলা দণ্ডাধীশ প্ৰশান্ত আৰ্য্যই জনাইছে,প্ৰথম অৱস্থাত পাঁচ হেজাৰ টকা দিয়া হৈছে। ক্ষয়ক্ষতিৰ পৰিমাণ মূল্যায়ন কৰাৰ পাছত উপযুক্ত অনুদান দিয়া হ’ব।

যোৱা মঙলবাৰে বিয়লি উত্তৰকাশীৰ ক্ষীৰগংগা নদী অৱবাহিকা অঞ্চলৰ ধাৰলী গাঁৱত হঠাতে ডাৱৰ বিস্ফোৰণৰ ফলত ভূমিস্খলন সংঘটিত হয়। ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ ভিডিঅ’ ইতিমধ্যেই ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত।

প্ৰাপ্ত তথ্য অনুসৰি, আকস্মিক বানত কেৱল ঘৰেই নহয়, গাঁওখনৰ কমেও ২০-২৫খন হোটেল আৰু হোমষ্টেও উটুৱাই লৈ গৈছে।

উল্লেখ্য যে,মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে আশ্বাস দিয়ে যে যিসকলৰ ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছে তেওঁলোকক পাঁচলাখ টকা দিয়া হ’ব। দুৰ্যোগত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈও একেধৰণৰ আৰ্থিক সাহায্য প্ৰদানৰ কথাও ঘোষণা কৰে।

অৱশ্যে সেই প্ৰতিশ্ৰুতি পূৰণ কৰা নাই ৰাজ্য চৰকাৰে। পাঁচ লাখ টকা দিয়াৰ সলনি মাত্ৰ পাঁচ হেজাৰ টকাহে দিয়া হৈছে বুলি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে ৰাজপথলৈ ওলাই আহি এতিয়া এই অভিযোগ উত্থাপন কৰিছে।

Exit mobile version