Fire :✒️আৰতিৰ সময়ত বাৰাণসীৰ এটা মন্দিৰত সংঘটিত হয় অগ্নিকাণ্ড। ঘটনাটোত মন্দিৰৰ প্ৰধান পুৰোহিতসহ মুঠ সাতজন লোক আহত হয়। আহতসকলৰ ভিতৰত একাংশ শিশুও আছে।
শনিবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনা। স্থানীয় ৰাইজে নিয়ন্ত্ৰণলৈ আনে জুই। তথ্য লাভ কৰাৰ লগে লগে ঘটবস্থলীত আহি উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় আৰক্ষী থানাৰ আৰক্ষী ।
আহত সকলোকে ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি আহতসকলৰ এজনৰ অৱস্থা সংকটজনক,তেওঁৰ শৰীৰৰ প্ৰায় ৬৫ শতাংশ অংশ অগ্নিদগ্ধ ।
সূত্ৰ অনুসৰি শনিবাৰে নিশা শাওন পূৰ্ণিমা উপলক্ষে বাৰাণসীৰ আত্মবিশ্বেশ্বৰ মহাদেৱ মন্দিৰত এক বিশেষ পূজাৰ আয়োজন কৰা হয়।
চলিত বৰ্ষত মন্দিৰৰ গর্ভগৃহত তোলাৰে অমৰনাথ শিৱ বনোৱা হৈছিল।শেহতীয়া তথ্য অনুসৰি ,আৰতিৰ সময়ত কেনেবাকৈ জ্বলি ফিৰিঙতি সৰি পৰে, যাৰ ফলত মন্দিৰত জুই জ্বলি উঠে।
কিছু মুহূৰ্তৰ ভিতৰতে জুই গৰ্ভগৃহলৈ বিয়পি পৰিল।যিহেতু মন্দিৰটো এটা সৰু গলিত অৱস্থিত, সেয়েহে অগ্নিনিৰ্বাপক বাহিনীয়ে সেই স্থানত উপস্থিত হ’বলৈ কিছু সময় লাগিছিল।
অৱশ্যে স্থানীয় বাসিন্দা আৰু আৰক্ষীৰ সহযোগত শীঘ্ৰে অগ্নি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছতে আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
আৰক্ষী সূত্ৰই জনোৱা মতে, মন্দিৰৰ প্ৰধান পুৰোহিতৰ অৱস্থা সংকটজনক। এই ঘটনাই মন্দিৰত উপস্থিত ভক্তসকলৰ মাজত আতংক বিয়পি পৰিছে।






























