Donald Trump:✒️আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ বিৰুদ্ধে এইবাৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিলে হলিউডৰ অস্কাৰজয়ী অভিনেত্রী এমা থম্পছনে।
সম্প্রতি ল’কার্ণ’ চলচ্চিত্র মহোৎসৱত উপস্থিত হৈ ‘হেৰী পটাৰ’ খ্যাত অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁৰ বিবাহ বিচ্ছেদৰ দিনাই ট্রাম্পে তেওঁক ফোন কৰি ডেটিঙৰ প্ৰস্তাৱ দিছিল।
৬৬ বছৰ বয়সীয়া ব্ৰিটিছ অভিনেত্ৰীগৰাকীয়ে এইদৰে দাবী কৰিলে, ‘১৯৯৮ বৰ্ষত ৰাজনৈতিক ব্যংগ চলচ্চিত্র ‘প্রাইমাৰী কালাৰ্ছ’ৰ দৃশ্যগ্রহণ চলি থকাৰ সময়ত মই হঠাতে এক ফোনকল লাভ কৰিছিলো। ফোন কৰা ব্যক্তিজনে মোক কৈছিল, ‘হেল’, মই ড’নাল্ড ট্রাম্পে কৈছো। এবাৰ আমাৰ ইয়ালৈ কোনো সুন্দৰ স্থানলৈ আহক, হয়তো আমি একেলগে নৈশ আহাৰ গ্ৰহণ কৰিব পাৰিম।’ থম্পছনে লগতে কয় যে ট্রাম্পৰ উক্ত প্ৰস্তাৱৰ সন্দৰ্ভত তেওঁ ভদ্রভাবে কৈছিল যে প্ৰস্তাৱৰ বাবে ধন্যবাদ আৰু মই প্রস্তাৱটো ভাবি চাম। সেই সময়ত মালা মেপলছৰ স’তে ট্রাম্পৰ বিবাহ বিচ্ছেদ হৈছিল আৰু ট্রাম্পে হয়তো উপযুক্ত সংগীনি বিচাৰি এমালৈ ফোন কৰিছিল। এমাই লগতে কয় যে ট্রাম্পৰ উক্ত প্ৰস্তাৱলৈ তেওঁ সঁহাৰি জনোৱা হ’লে হয়তো আমেৰিকাৰ ইতিহাসৰ গতিপথ তেওঁ সলনি কৰিবলৈ সফল হ’লহেঁতেন।
