ভাৰতৰ বৃহৎ নগৰসমূহত শিপাবলৈ ধৰিছে হ’ব ‘ছেক্সৱেলিটা’য়ে

hobosexuality refers to a pattern where someone enters a romantic relationship primarily for housing 105618358

hobosexuality:✒️বহুতে মন কৰিবলৈ লৈছে যে মহানগৰসমূহত ফ্লেটৰ মূল্য আকাশলংঘী হৈছে। এই কথা ক’বলৈ আপুনি কোনো ৰিয়েল ইষ্টেট বিশেষজ্ঞ হ’ব নালাগে। দুই-এজনৰ স’তে দুই-এষাৰ কথা পাতিলেই ইয়াৰ আভাস পাব।

এই একে সময়তে এই কথাও শুদ্ধ যে সম্প্রতি নগৰ-চহৰসমূহত জীৱন-যাপন কৰাটো অত্যন্ত খৰচী হৈছে। গতিকে বহুতে নিজাকৈ ঘৰ সজা বা এটা ফ্লেট কিনাৰ সপোন মনৰ মাজতে বান্ধি ৰাখিবলগীয়া হৈছে। আনকি বহু সন্তোষজনক লোকৰ ক্ষেত্ৰতে এনে হৈছে।

বিগত কিছু বছৰৰ পৰা জীৱনৰ হাবিয়াস পূৰণৰ উদ্দেশ্যে বহুতে নগৰ বা গাঁও অঞ্চলৰ পৰা বিভিন্ন মহানগৰলৈ ঢাপলি মেলে। কিন্তু হঠাতে বৃহৎ নগৰসমূহত জীৱন-যাপন অত্যন্ত কঠিন বা খৰচী হৈছে। এনে অৱস্থাত স্থাৱৰ সম্পত্তি বা এটা ফ্লেট ক্ৰয় কৰাটো বহুতৰ বাবে কেৱল সপোন হৈয়ে ৰৈছে।

জীৱন-যাপন অত্যন্ত খৰচী হৈ উঠাৰ পৰিপ্ৰেক্ষিতত বহুতৰ বাবে ঘৰভাড়া আদায় দিয়াটোও কঠিন হৈছে। কিন্তু এইসকলে নিৰ্দিষ্ট মহানগৰখন এৰাৰ কথাও চিন্তা কৰিব নোৱাৰে। এনে অৱস্থাত একাংশই কেৱল থকাৰ সুবিধা বা বিত্তীয় সহায় লাভৰ বাবে কোনো ধনী-চহকী ব্যক্তিৰ স’তে ৰোমাণ্টিক প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিবলৈ ধৰিছে।

এক গভীৰ আবেগিক সম্পৰ্ক গঢ়াৰ ভাও ধৰি একাংশই এই পন্থা অৱলম্বন কৰিবলৈ লৈছে। ইয়াৰ বিনিময়ত তেওঁলোকে থাকিবলৈ এডোখৰ ঠাই বা কিছু ধন বিচৰাৰ বাহিৰে আন একো নিবিচাৰে। তাকে পালেই তেওঁলোক ধন্য হয়।

এনে প্ৰেমৰ সম্পৰ্ককে ‘হ’ব’ছেক্সৱেলিটী’ বুলি কোৱা হয়। সময় বাগৰাৰ লগে লগে এই ধাৰণাই অধিক শিপাইছে। অকলশৰীয়া, নিঃসংগ জীৱন পাৰ কৰা একাংশ সম্পদশালী বা ধনী ব্যক্তি এনে সম্পৰ্কৰ দ্বাৰা উপকৃতও হোৱা বুলি চর্চা হয়।

দেশৰ বিভিন্ন মহানগৰত হ’ব’ছেক্সুৱেলিটী সম্প্রতি এক বিন্যাসতে পৰিণত হৈছে। গতিকে ইচ্ছা কৰিলেও ইয়াক উলাই কৰিব নোৱাৰি। অৱশ্যে আকৌ একাংশ আর্থিকভাৱে দুৰ্বল লোকে বিত্তীয় সহায় লাভৰ উদ্দেশ্যে হ’ব’ছেক্সুৱেলিটী সম্পর্ক ধনী-সম্পদশালী ব্যক্তিৰ স’তে গঢ়ি তোলে।

একাংশ বিশেষজ্ঞৰ মতে, ভাৰতৰ বিভিন্ন মহানগৰত এই ধাৰণাৰ সন্তর্পণে বা চোৰৰ দৰে প্ৰৱেশ কৰে। অৱশ্যে মনোজগতত ইয়াৰ প্ৰভাৱ উলাই কৰিব নোৱাৰি। স্বাভাৱিকতে হ’ব’ছেক্সুৱেলিটীৰ ধাৰণাও পশ্চিমীয়া দেশসমূহৰ পৰা আহিছে।

প্রথম অৱস্থাত পশ্চিমৰ ইণ্টাৰনেট সংস্কৃতিত হ’ব’ছেক্সুৱেলৰ জৰিয়তে কেৱল থকাৰ সুবিধা লাভৰ বাবে কোনো ব্যক্তিৰ স’তে ডেটিং কৰা ব্যক্তিক বুজোৱা হৈছিল। বিশেষজ্ঞসকলৰ মতে ভাৰতত হ’ব’ছেজুৱেলিটীৰ ধাৰণা শিপাবলৈ ধৰাৰ মূল কাৰণ হৈছে বিভিন্ন বৃহৎ নগৰসমূহত ঘৰভাড়া আকাশলংঘী হৈছে।

অৱশ্যে একাংশ কৃপণ লোকো হ’ব’ছেক্সুৱেলত পৰিণত হোৱাৰ কথাও অস্বীকাৰ কৰিব নোৱাৰি। ইয়াৰ বিপৰীতে আন একাংশই বুজন অংকৰ ধনৰ ঘৰভাড়া আদায় দিব নোৱাৰি হ’ব’ছেঝুৱেল হৈছে। এনে ঘটনা মুম্বাই, দিল্লী আৰু বাংগালুৰুৰ দৰে মহানগৰসমূহত বৃদ্ধি পাবলৈ ধৰিছে। এনে মহানগৰত একমাত্ৰ তিষ্ঠি থকাৰ স্বার্থত বহুতে এনে পথ অৱলম্বন কৰিছে।

Exit mobile version