✒️সাধাৰণতে বছৰৰ প্ৰতি মাহতে জম্মু-কাশ্মীৰৰ কটৰাত থকা মাতা বৈষ্ণো দেৱী মন্দিৰত ভক্তই যথেষ্ট ভিৰ কৰি আহিছে। দেশৰ বিভিন্ন অঞ্চলৰ পৰা ভক্তই এই ঐতিহাসিক মন্দিৰ দৰ্শন কৰিবলৈ কটৰালৈ আহে।
কিন্তু শেহতীয়াভাৱে মাতা বৈষ্ণো দেৱী মন্দিৰৰ দৰ্শনাৰ্থীৰ সংখ্যা কিছু হ্রাস পাইছে। প্রাপ্ত তথ্য অনুসৰি, যোৱা আঠ আগষ্টত ১০,৮৩৯ জন ভক্তই মাতা বৈষ্ণো দেৱী মন্দিৰ দৰ্শন কৰিছিল।
প্ৰতিকূল বতৰৰ কাৰণত দৰ্শনাৰ্থীৰ সংখ্যা সামান্য হ্রাস পাইছে। ভক্তৰ ভিৰ হ্ৰাস পোৱাত অৱশ্যে দৰ্শনাৰ্থীসকলে কম সময়ৰ ভিতৰত এই মন্দিৰ দৰ্শন প্ৰক্ৰিয়া সম্পন্ন কৰিব পাৰিছে।
