Rahul Gandhi – Tejashwi Yadab:
কেৱল কংগ্ৰেছ নহয়, এইবাৰ সমগ্ৰ বিৰোধীৰ ঐক্যবদ্ধ আক্ৰমণৰ সন্মুখীন হ’ল দেশৰ নিৰ্বাচন আয়োগ। আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকাৰ পৰা বাদ পৰা ৬৫ লক্ষাধিক ভোটাৰৰ নাম-তথ্য প্রকাশ কৰিবলৈ অস্বীকাৰ কৰাত নির্বাচন আয়োগ বিৰোধীৰ সম্মিলিত আক্ৰমণৰ সন্মুখীন হৈছে।
উল্লেখ্য যে বিহাৰত ভোটাৰ তালিকাৰ নিৰ্বাচন আয়োগে কৰা বিশেষ গভীৰ পুনৰীক্ষণৰ জৰিয়তে যোৱা পইলা আগষ্টত প্ৰকাশ পোৱা এই খচৰা ভোটাৰ তালিকাৰ পৰা বাদ পৰা ৬৫ লক্ষাধিক ভোটাৰৰ তথ্য প্রকাশ কৰিবলৈ পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ে আয়োগলৈ নির্দেশ জাৰি কৰে এই নির্দেশৰ ভিত্তিত আয়োগে সর্বোচ্চ ন্যায়ালয়ক লিখিতভায়ে অৱগত কৰে যে এনে তথ্য প্ৰকাশৰ বাবে আয়োগৰ কোনো বাধ্যবাধকতা নাই ভোটাৰ তালিকাৰ পৰা বাদ পৰা এই ৬৫ লক্ষাধিক ভোটাৰৰ তথ্য প্রকাশ কৰিবলৈ আয়োগে এনেদৰে অস্বীকাৰ কৰাত জাঙুৰ খাই উঠিছে বিৰোধী ‘ইন্ডিয়া’।
বিৰোধীয়ে আশংকা কৰিছে যে অহা ছেপ্টেম্বৰত প্ৰকাশ পাবলগীয়া আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকাৰ পৰা খচৰা ভোটাৰ তালিকাতকৈ অধিক সংখ্যক ভোটাৰ বাদ পৰিব। ইয়াৰে অধিকাংশই দৰিদ্ৰ আৰু পিছপৰা জনগোষ্ঠীসমূহৰ লোক হ’ব বুলিও বিৰোধীয়ে শংকা প্রকাশ কৰিছে। উল্লেখ্য যে অহা নৱেম্বৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা থকা ২৪৩ আসন বিশিষ্ট বিহাৰ বিধানসভা নির্বাচনৰ খচৰা ভোটাৰ তালিকাৰ পৰা বাদ পৰা ৬৫,৬৪,০৭৫ জন ভোটাৰৰ মাজৰ ২২,৩৪,৫০১ জন মৃত, ৩৬,২৮,২১০ জন বিহাৰত অনুপস্থিত আৰু ৭,০১,৩৬৪ জনৰ নাম ইতিমধ্যে অন্তর্ভুক্ত বুলি নির্বাচন আয়োগে প্রকাশ কৰিছে।
আনহাতে, এই ৬৫ লক্ষাধিক ভোটাৰৰ নাম খচৰা ভোটাৰ তালিকাৰ পৰা বাদ পৰাত ৰহস্যৰ গোন্ধ পাই বিৰোধীয়ে ৰাজ্যজুৰি আপত্তি দাখিলৰ উদ্দেশ্যে ভোটাৰক সক্ৰিয় কৰি তোলাৰ পদক্ষেপ গ্রহণ কৰে। বিৰোধীৰ এই প্রক্রিয়া তুংগত উঠাৰ সময়তে আয়োগে খচৰা ভোটাৰ তালিকাৰ পৰা বাদ পৰা ৬৫ লক্ষাধিক ভোটাৰৰ নাম-তথ্য ৰাজহুৱা কৰিবলৈ অস্বীকাৰ কৰাত বিৰোধীৰ এই পদক্ষেপত ব্যাঘাত জন্মিছে।
গতিকে আয়োগৰ এই স্থিতিক লৈ সৰৱ হৈ উঠি বিৰোধী নেতৃবর্গই আয়োগক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। বিৰোধী ‘ইন্ডিয়া’ই অভিযোগ উত্থাপন কৰিছে যে বিজেপিৰ নিৰ্দেশত নির্বাচন আয়োগে ৰাজ্যখনত ভোটাৰ তালিকাৰ সদ্যসমাপ্ত বিশেষ গভীৰ পুনৰীক্ষণ (এছআইআৰ) সম্পন্ন কৰে। আগন্তুক বিহাৰ বিধানসভা নির্বাচনত যিকোনো মূল্যৰ বিনিময়ত জয়লাভৰ অংক কৰি বিজেপিয়ে ভোটাৰ তালিকাৰ এই সন্দেহজনক পুনৰীক্ষণ কৰোৱায় বুলি ‘ইন্ডিয়া’ৰ একাংশ নেতাই অভিযোগ উত্থাপন কৰিছে।
উল্লেখ্য যে যোৱা জুনত আয়োগে বিহাৰত এই বিশেষ গভীৰ পুনৰীক্ষণ ব্যৱস্থাৰ সংযোজন ঘটায়। ইয়াৰ অধীনত প্ৰ-পত্র দাখিলৰ সময় যোৱা ২৫ জুলাইত অন্ত পৰে। পাছত যোৱা পহিলা আগষ্টত খচৰা ভোটাৰ তালিকা প্রকাশ পায়। সমগ্র প্রক্রিয়াটোক লৈ বিৰোধী পূৰ্বৰে পৰা সন্দিহান হৈ আছে। ইতিমধ্যে আয়োগৰ এই প্ৰক্ৰিয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়তো বহু আবেদন দাখিল হৈছে।
এনে অৱস্থাতে আয়োগে খচৰা ভোটাৰ তালিকাৰ পৰা বাদ পৰা ৬৫ লক্ষাধিক লোকৰ তথ্য ৰাজহুৱা নকৰে বুলি স্পষ্টকৰি দিছে। আয়োগৰ এই স্থিতিক লৈ জাঙুৰ খাই উঠি বিহাৰৰ দায়িত্বত থকা নিখিল ভাৰত কংগেছ সমিতি (এআইচিচি) ৰ সম্পাদক সুশীল পাছিয়ে কয়, ‘নির্বাচন আয়োগে কোনো যুক্তিসংগত অনুৰোধ শুনা নাই। আয়োগে মইমতালিৰে কাম কৰিছে। খচৰা ভোটাৰ তালিকাৰ পৰা বাদ পৰা ৬৫ লাখ ভোটাৰৰ তথ্য প্ৰকাশ কৰিবলৈ নির্বাচন আয়োগে কিয় অস্বীকাৰ কৰিছে মই বুজা নাই।
এইটো বোধ হৈছে যে নির্বাচন আয়োগে কিছু লুকুৱাবলৈ চেষ্ট কৰিছে। নিশ্চিতভাৱে আয়োগৰ ওচৰত সকলো ভোটাৰৰ তথ্য আছে। তেনেস্থলত ৰাজনৈতিক দলসমূহৰ স’তে তথ্য ভাগ বাটোৱাৰা কৰিবলৈ কিয় অস্বীকাৰ কৰিছে? মুঠতে এই তালিকা বিদেশত ক’লা ধন থকা লোকৰ তালিকা নহয়। এইসকল হৈছে পূৰ্বৰ নিৰ্বাচনসমূহত অংশ লোৱা নিয়মীয়া ভোটাৰ।’
একেদৰে আয়োগে উচ্চতম ন্যায়ালয়ক এই ৬৫ লক্ষাধিক ভোটাৰৰ তথ্য ৰাজহুৱা নকৰে বুলি জনোৱা কাৰ্যক লৈ বিহাৰৰ প্রধান বিৰোধী দল তথা কংগ্ৰেছৰ সহযোগী ৰাষ্ট্ৰীয় জনতা দল (আৰজেডি) ও সৰৱ হৈছে। বিষয়টোলৈ প্রতিক্রিয়া প্রকাশ কৰি আৰজেডি সাংসদ এ ডি সিঙে সংবাদ মাধ্যমক কয়, ‘এয়া হ’ল আজৱ। তেওঁলোকে আমাক ৬৫ লাখ ভোটাৰৰ এটা সংখ্যা দিলে আৰু তাৰ পাছত কোনো বিশদ তথ্য দিয়া নাই। এক অতি কম সময়ৰ ভিতৰত এইসকল ব্যক্তিক কেনেদৰে আৰু ক’ত আমি বিচাৰি পাম? তদুপৰি কেনেবাকৈ সময়মতেই আপত্তি দাখিল কৰিবলৈ সক্ষম হ’লেও তেওঁলোকৰ নাম ভোটাৰ তালিকাত অন্তর্ভুক্ত হ’ব বুলি কি নিশ্চয়তা আছে?
বোধ হৈছে যে কেৱল কেনেবাকৈ বিজেপিক লাভান্বিত কৰিবলৈহে নির্বাচন আয়োগে এইসকলৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰাবলৈ বিচাৰিছে।’ খচৰা তালিকাতকৈ চূড়ান্ত তালিকাত অধিক ভোটাৰৰ নাম বাদ পৰাৰো আশংকা কৰে আৰজেডি সাংসদজনে। ইতিমধ্যে এই বিতর্কিত ‘বিশেষ গভীৰ পুনৰীক্ষণ’ৰ বিৰুদ্ধে অহা ১৭ আগষ্টৰ পৰা বিহাৰত ‘যাত্রা’ আৰম্ভ কৰিব জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু আৰজেডি নেতা তেজস্বী যাদৱে। দুই নেতাই এই যাত্ৰাৰ সময়ত বিতর্কিত বিষয়টোক লৈ জনসজাগতা সৃষ্টি আৰু বিজেপিৰ স্বৰূপ উন্মোচনৰ লক্ষ্য লোৱা বুলি প্রকাশ কৰিছে।
লক্ষ্যণীয় যে বিগত লোকসভা নিৰ্বাচনৰ পৰাই নির্বাচন আয়োগে বিজেপিক লাভান্বিত কৰিবলৈ ‘ভোট চুৰি’ কৰি অহা বুলি শেহতীয়াভাৱে ৰাহুলে মুকলিকৈ অভিযোগ উত্থাপন কৰে। আয়োগৰ বিৰুদ্ধে কংগ্রেছ নেতাজনে এনে গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ সময়তে ইন্ডিয়া জোঁট সাংবিধানিক প্রতিষ্ঠানটোৰ বিৰুদ্ধে আক্রমণত নামি পৰিছে। বিহাৰৰ ভোটাৰ তালিকাৰ এই বিশেষ গভীৰ পুনৰীক্ষণৰ প্ৰভাৱ দূৰ কৰিবলৈ বিৰোধী দলসমূহে চলোৱা চেষ্টাত ব্যাঘাত জন্মোৱাৰ উদ্দেশ্যেহে আয়োগে ৬৫ লক্ষাধিক ভোটাৰৰ তথ্য ৰাজহুৱা অস্বীকাৰ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে এআইচিচিৰ সম্পাদক পাছিয়ে।
তেওঁ কয়, ‘মই ভাবো যে নির্বাচন আয়োগে এটা টুলুঙা অজুহাত দিছে। কর্ণাটকৰ ভোটাৰ তালিকা সম্পৰ্কীয় তথ্য ৰাহুল গান্ধীয়ে উন্মোচন কৰাৰ পাছত কেৱল বিহাৰৰে নহয়, সমগ্র দেশৰ জনতাই নির্বাচন আয়োগক সন্দেহ কৰিবলৈ লৈছে। বিহাৰত তেওঁৰ ‘যাত্রা’ই এনডিএত অধিক আঘাত আনিব। মানুহে উপলব্ধি কৰিছে যে সমগ্র বিশেষ গভীৰ পুনৰীক্ষণত সন্দেহজনক কিবা আছে। ইয়াৰ পৰিণাম আগন্তুক নির্বাচনত বিজেপিয়ে ভোগ কৰিব।’
একেদৰে সামাজিক মাধ্যম ‘এক্স’ত কংগ্রেছে কয়, ‘নির্বাচন আয়োগে উচ্চতম ন্যায়ালয়ত স্পষ্টভাবে জনালে যে আয়োগে ভোটাৰ তালিকাৰ পৰা বিহাৰত বাদ পৰা ৬৫ লাখ লোকৰ নাম প্রকাশ নকৰে। আয়োগে এই কথাও কয় যে ভোটাৰ তালিকাৰ পৰা নাম বাদ দিয়াৰ কাৰণ জনাব লাগিব বুলি কোনো বিধি নাই। এয়া স্পষ্ট হ’ল যে নির্বাচন আয়োগে সম্পূর্ণৰূপে মইমতালিৰে কাম কৰি আছে। বিশেষ গভীৰ পুনৰীক্ষণৰ নামত সংঘটিত কৰা জালিয়াতি লুকুৱাবলৈ আয়োগে সকলো সীমা অতিক্রম কৰিলে।’ উল্লেখ্য যে উচ্চতম ন্যায়ালয়ক নির্বাচন আয়োগে অৱগত কৰিছে যে আগতীয়া জাননী নিদিয়াকৈ কোনো ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ দিয়া নহয়।
# বিহাৰৰ উপ-মুখ্যমন্ত্রী সিনহাৰ আছে দুখন ফটোযুক্ত ভোটাৰ পৰিচয়পত্র: তেজস্বী
এক গুৰুতৰ অভিযোগ উত্থাপন কৰি বিহাৰৰ বিজেপিৰ উপ-মুখ্যমন্ত্রী বিজয় কুমাৰ সিনহাক সম্প্ৰতি আক্ৰমণ কৰিলে আৰজেডি নেতা তেজস্বী যাদৱে। একাধিক স্থানত ভোটাৰ তালিকাত নাম থকা বিহাৰৰ বহুসংখ্যকৰ নাম খচৰা ভোটাৰ তালিকাৰ পৰা বাদ পৰিছে বুলি নির্বাচন আয়োগে দাবী কৰাৰ সময়তে বিৰোধী নেতাজনে অভিযোগ উত্থাপন কৰিছে যে উপ-মুখ্যমন্ত্রী সিনহাৰ দুখন ফটোযুক্ত ভোটাৰ পৰিচয়পত্র আছে।
উল্লেখ্য যে অলপতে উপ-মুখ্যমন্ত্রী সিনহাই তেজস্বীক জংঘলৰাজৰ ৰাজকুমাৰ বুলি কটাক্ষ কৰে। উপ-মুখ্যমন্ত্রীয়ে কৰা এই আক্ৰমণৰ প্রত্যাক্ৰমণ কৰি তেজস্বীয়ে কয়, ‘তেওঁৰ দুখন ফটোযুক্ত ভোটাৰ পৰিচয়পত্র আছে। তেওঁৰ লক্ষ্মীচৰাই বিধানসভা সমষ্টি আৰু বাংকিপুৰ বিধানসভা সমষ্টি (পাটনা জিলা)ত ভোটাৰ তালিকাত নাম আছে। ইয়াৰে লক্ষ্মীচৰাই সমষ্টিৰ তেওঁৰ ভোটাৰ পৰিচয়পত্ৰৰ নম্বৰ হ’ল আইএএফ৩৯৩৯৩৩৭ আৰু বাংকিপুৰৰ ভোটাৰ পৰিচয়পত্ৰৰ নম্বৰ হ’ল এএফএছ০৮৫৩৩৪১।’ নির্বাচন আয়োগে কৰা শেহতীয়া বিশেষ গভীৰ পুনৰীক্ষণৰ পাছত উপ-মুখ্যমন্ত্রীজনৰ ক্ষেত্ৰত এই ঘটনা সংঘটিত হ’ল বুলিও আৰজেডি নেতাজনে অভিযোগ উত্থাপন কৰিছে।
অৱশ্যে ইয়াৰ প্ৰত্যুত্তৰ দি কিয় দুটা সমষ্টিত ভোটাৰ তালিকাত নাম অন্তর্ভুক্ত হ’ল তাৰ কাৰণ ব্যাখ্যা কৰিছে উপ-মুখ্যমন্ত্রী সিনহাই। তেজস্বীৰ অভিযোগ খণ্ডন কৰি তেওঁ কয়, ‘২০২৪ৰ এপ্ৰিলত মই মোৰ নাম বাংকিপুৰৰ ভোটাৰ তালিকাৰ পৰা আঁতৰাই লক্ষ্মীচৰাই সমষ্টিৰ ভোটাৰ তালিকাত অন্তর্ভুক্ত কৰিবলৈ আবেদন জনাওঁ। এই কাম তাৎক্ষণিকভাবে সম্পন্ন নহ’ল। গতিকে মই বিএলঅ’ক কথাটো জনাওঁ আৰু প্ৰ-পত্ৰ পূৰণ কৰো। বিএলঅ’ই প্র-পত্র গ্রহণ কৰে।
ইয়াৰ সকলো নথিপত্ৰ মোৰ ওচৰত আছে। যোৱাবাৰো মই কেবল এঠাইত (লক্ষ্মীচৰাই) ভোটদান কৰো। ‘বাংকিপুৰাৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ আবেদন খাৰিজ হ’ল বুলিও সিনহাই দাবী কৰিছে। শেহতীয়া খচৰা ভোটাৰ তালিকা প্রকাশ পোৱাৰ পাছত তেওঁ বিষয়টো নির্বাচন আয়োগৰ দৃষ্টিগোচৰ কৰিছে বুলিও জানিবলৈ দি কয় যে শুধৰণিৰ বাবে আবেদন জনাবলৈ আয়োগে এমাহৰ সময় দিছে। ইয়াৰ পূৰ্বে কালি বিহাৰ কংগ্ৰেৰ সভাপতি ৰাজেশ কুমাৰে সামাজিক মাধ্যমত উপ-মুখ্যমন্ত্রী সিনহাৰ নাম বাংকিপুৰ আৰু লক্ষ্মীচৰাইত থকাৰ খচৰা ভোটাৰ তালিকাৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰে। উপ-মুখ্যমন্ত্রীজনে দুঠাইত ভোটদান কৰে নেকি বুলি এই স্ক্রীণশ্বট শ্বেয়াৰ কৰোতে কংগ্রেছ নেতাজনে প্রশ্ন উত্থাপন কৰে।
#এডিআৰৰ তীব্ৰ বিৰোধিতা নির্বাচন আয়োগৰ
ভোটাৰ তালিকাৰ পৰা কৰ্তন হোৱা ভোটাৰৰ নাম-তালিকা প্রকাশৰ কোনো আইনগত বাধ্যবাধকতা নাই বুলি নির্বাচন আয়োগে তীব্র বিৰোধিতা কৰিছে এছ’চিয়েছন ফৰ ডেম’ক্রেটিক ৰিফৰ্মছ (এডিআৰ )ৰ। উল্লেখ্য যে এডিআৰে বিহাৰৰ খচৰা ভোটাৰ তালিকাৰ পৰা বাদ পৰা সকলৰ নাম তালিকা প্রকাশ কৰিবলৈ নিৰ্বাচন আয়োগক নির্দেশ দিয়াৰ আবেদনৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। সংগঠনটোৰ আবেদনৰ ভিত্তিত ন্যায়ালয়ে আয়োগলৈ এই ৬৫ লক্ষাধিক ভোটাৰৰ নাম-তালিকা প্রকাশ কৰিবলৈ নিৰ্দেশ দিয়ে। সেই নির্দেশৰ ভিত্তিত স্থিতি জনাই আয়োগে ন্যায়ালয়ক অৱগত কৰে যে বাদ পৰা ভোটাৰৰ নাম প্ৰকাশৰ বাবে আয়োগৰ ওপৰত কোনো আইনী বাধ্যবাধকতা নাই। গতিকে আয়োগৰ স’তে এডিআৰৰ সংঘাত আৰম্ভ হৈছে I
