Rss chief mohan bhagwat: বিজেপিৰ ১১ বছৰীয়া শাসনৰ পৰিণতি! স্বয়ং আৰএছএছৰ মুৰব্বী ভাগৱতৰ তীব্র খেদ প্রকাশ

mohan

Rss chief mohan bhagwat:

দেশত উন্নত চিকিৎসা সেৱা আৰু গুণগত শিক্ষা সাধাৰণ জনতাই ঢুকি নোপোৱা হ’ল বুলি তীব্র খেদ প্রকাশ কৰিছে বিজেপিৰ অভিভাৱক সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ মুৰব্বী মোহন ভগৱতে।

চিকিৎসা সেৱা আৰু বিদ্যালয় শিক্ষাৰ অত্যধিক বাণিজ্যিকীকৰণৰ ফলত এই দুয়োটা অত্যাৱশ্যকীয় সেৱাই সাধাৰণ মানুহৰ স্পর্শাতীত হ’ল বুলি আৰএছএছ মুৰব্বীজনে মন্তব্য কৰিছে। কালি মধ্য প্ৰদেশৰ ইন্দোৰত শ্ৰীগুৰুজী সেৱা ন্যাসৰ প্রকল্প মাধৱ সৃষ্টি আৰোগ্য কেন্দ্ৰ আৰু কর্কট চিকিৎসা কেন্দ্র মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰএছএছ মুৰব্বী ভগৱতে।

অনুষ্ঠানত ভাষণ দি তেওঁ স্কুল আৰু চিকিৎসালয়সমূহৰ অত্যধিক বাণিজ্যিকীকৰণক লৈ ক্ষোভ প্রকাশ কৰে। পূর্বে এই খণ্ডসমূহ সমাজ সেৱাৰ স’তেহে জড়িত আছিল বুলি উল্লেখ কৰি তেওঁ কয়, ‘চিকিৎসা আৰু শিক্ষা বিষয় দুটা সমগ্র বিশ্বতে সমাজত এক পৰম প্ৰয়োজনত পৰিণত হৈছে। আমি আজিৰ যুগক কওঁ যে শিকাৰ সময়। যেতিয়া আপুনি কোনো কথা শিকিবলৈ বিচাৰে তেতিয়া আপোনাৰ শৰীৰ ঠিকে থাকিব লাগিব। এক সুস্থ শৰীৰ অবিহনে আপুনি কেতিয়াও বুদ্ধিমত্তাৰ গৰাকী হ’ব নোৱাৰে। এজন মানুহে নিজৰ ঘৰ-বাৰী বিক্ৰী কৰি হ’লেও সন্তানক উত্তম শিক্ষা দিয়াবলৈ বিচাৰে।

ঘৰ-বাৰী বিক্ৰী কৰিও মানুহে চিকিৎসা সেৱা গ্রহণ কৰে। এতিয়া এয়া বিড়ম্বনা যে এই দুয়োটা গুৰুত্বপূর্ণ বস্তু সাধাৰণ মানুহে ঢুকি নোপোৱা হ’ল।’ উল্লেখ্য যে মোদী চৰকাৰে বিগত ১১ বছৰত দেশৰ বিপুল উন্নয়ন সাধন কৰা বুলি দাবী কৰি আহিছে। স্বাস্থ্য আৰু শিক্ষা দুয়োটা খণ্ডৰ বাবে বহু আঁচনি মুকলি কৰা বুলিও চৰকাৰী পক্ষই প্ৰচাৰ চলাই আহিছে। এনে অৱস্থাতে বিজেপিৰ অভিভাৱক সংগঠন আৰএছএছৰ মুৰব্বীজনে এনে বিৰূপ মন্তব্য কৰে।

অনুষ্ঠানত তেওঁ এইবুলিও কয়, ‘হাস্পতাল বা শৈক্ষিক অনুষ্ঠানৰ সংখ্যা হ্রাস পোৱা নাই। নতুন চিকিৎসালয়ৰ স্কুল দ্রুত গতিৰে নির্মাণ হৈ আছে; কিন্তু মাত্রাধিক বাণিজ্যিকীকৰণে এইসমূহক সাধাৰণ মানুহৰ আয়ত্তৰ বাহিৰলৈ লৈ গৈছে।’ নাম উল্লেখ নকৰাকৈ এজন মন্ত্ৰীৰ ভাষ্যৰ উল্লেখ কৰি ভগৱতে পুনৰ কয়, ‘এজন মন্ত্রীয়ে কোৱা শুনিছিলো যে ভাৰতত শিক্ষা লাখ-কোটি ডলাৰৰ ব্যৱসায়ত পৰিণত হৈছে। এতিয়া ব্যৱসায় সাধাৰণ মানুহৰ বাবে হৈ থকা নাই।

যিসকলৰ ধন আছে সেইসকলেহে ব্যৱসায় কৰিব পাৰে।’ অতীতত শিক্ষাদান শিক্ষকসকলৰ কৰ্তব্য আছিল বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘আগতে শিক্ষকসকলে ছাত্র-ছাত্রীক লৈ উদ্বিগ্ন হৈছিল। একে কথা চিকিৎসকসকলৰ ক্ষেত্রতো প্রযোজ্য হৈছিল। ৰোগী চাৰলৈ নমতাকৈয়ে চিকিৎসকসকল ৰোগীৰ ঘৰত উপস্থিত হৈছিল। কিন্তু এতিয়া দুয়োটা পেছাত পৰিণত হ’ল।’

তেওঁ দেশত সহজ আৰু কম খৰচী চিকিৎসাৰ ব্যৱস্থা তাৎক্ষণিকভাৱে প্রয়োজন হৈছে বুলিও মতপোষণ কৰে। ভগৱতে লগতে কয় যে ভাৰতত মাথোঁ আঠৰ পৰা ১০ খন মহানগৰত কৰ্কট ৰোগৰ উন্নত চিকিৎসা সেৱা উপলব্ধ হৈছে। কিন্তু এইসমূহত চিকিৎসা গ্রহণ কৰিবলৈ যোৱাৰ বাবদ ৰোগীয়ে বৃহৎ অংকৰ ধন ব্যয় কৰিবলগীয়া হয় বুলিও তেওঁ আক্ষেপ প্রকাশ কৰে।

Exit mobile version