Lion:✒️দেওবাৰে সমগ্র বিশ্বই পালন কৰিলে ‘বিশ্ব সিংহ দিৱস’। এই বিশেষ দিনটোতেই দেশবাসীলৈ এক আশাৰ বতৰা দিলে কেন্দ্রীয় পৰিৱেশ মন্ত্রী ভূপেন্দ্ৰ যাদৱে। সম্প্রতি দেশত আশাপ্রদভাবে বৃদ্ধি পাইছে পশুৰাজৰ সংখ্যা।
বিগত পাঁচ বছৰত এছিয়টিক লায়ন বা ভাৰতীয় সিংহৰ জনসংখ্যা ৩২গুণ বৃদ্ধি পাইছে। দেওবাৰে বিশ্ব সিংহ দিৱস উপলক্ষে কেন্দ্রই এক প্রতিবেদন প্রকাশ কৰে। তাতেই দেখা গৈছে যে মাত্র পাঁচ বছৰতে দেশত সিংহৰ সংখ্যা ৮৯১টালৈ বৃদ্ধি পাইছে।
এই প্রতিবেদনে নিঃসন্দেহে বন বিভাগৰ বিৰাট সাফল্যৰো ইংগিত বহন কৰিছে। ভাৰতীয় সিংহৰ জনগণনাৰ পাছত চৰকাৰৰ তৰফৰ পৰা যি প্রত্বিদন প্রকাশ কৰিছে, তাতেই দেখা গৈছে যে বৰদা বন্যপ্রাণী অভয়াৰণ্য, জেতপুৰ আৰু সংলগ্ন অঞ্চল, বাবৰা জাছদনসহ মুঠ নটা অঞ্চলত ৪৯৭টা সিংহৰ সন্ধান পোৱা গৈছে।
একে সময়তে কৰিড’ৰ অঞ্চলত ২২টা এছিয়াটিক সিংহৰ সন্ধান পোৱা গৈছে। প্রাপ্ত তথ্য অনুসৰি, ছেটেলাইটৰ মাধ্যমেৰে এই সমস্ত সমীক্ষা কৰা হৈছে। এই বিষয়ত সামাজিক মাধ্যমত বিবৃতি দি কেন্দ্রীয় পৰিৱেশ মন্ত্ৰী যাদবে লিখিছে, ‘এছিয়াটিক সিংহৰ প্ৰধান বসতিস্থল হ’ব পাৰি ভাৰত গর্বিত। বিগত কিছু বছৰত দেশত সিংহৰ সংখ্যা আশানুৰূপভাৱে বৃদ্ধি পাইছে। ২০১৫ত য’ত দেশৰ সিংহৰ সংখ্যা আছিল ৫২৩টা, সেই সংখ্যাই ২০২৫৩ ৯৮১টালৈ বাঢ়িছে। এয়া এক অবিশ্বাস্য সাফল্য। আজি বিশ্ব সিংহ দিৱসত আমি আমাৰ দেশৰ সিংহসমূহক উপযুক্ত আবাসস্থল দিবলৈ আৰু সিবোৰৰ প্ৰাণৰক্ষাৰ বাবে প্রতিশ্রুতিবদ্ধ।’
চৰকাৰী প্ৰতিবেদন অনুসৰি,বিগত এটা দশকত দেশত সিংহৰ সংখ্যা ৭০ শতাংশ বৃদ্ধি পাইছে। যাৰ ভিতৰত সবাতোকৈ বেছি সিংহই বাস কৰিছে গুজৰাটৰ আমৰেলিত। তাত ৮২টা মতা সিংহ, ১২৭জনী সিংহিনী আৰু বন্যপ্রাণী অভয়াৰণ্যত। ইয়াৰ ৭৯টা পোৱালিক নথিভুক্ত কৰা হৈছে।
সিংহৰ সবাতোকৈ বেছি সংখ্যাবৃদ্ধি হৈছে মাটিয়ালা পাছত যথাক্রমে তালিকাত আছে ভাবনগৰ আৰু দক্ষিণ-পূ উপকূল। অৱশ্যে একাধিক অঞ্চলত সিংহৰ সংখ্যা পূৰ্বৰ তুলনাত হ্রাস পাইছে। এই তালিকাত আছে গিৰনাৰ বন্যপ্ৰাণী অভয়ৰণ্য আৰু ভাবনগৰ উপকূলীয় অঞ্চল।
