পুনৰ সীমান্ত পৰ হৈ অনুপ্রৱেশেৰ চেষ্টা, বিএছএফৰ গুলীত মৃত্যু পাক-অনুপ্রৱেশকাৰী 

IMG 20250812 115434

BSF:✒️:পহলগামত সংঘটিত আক্ৰমণৰ পাছতেই পাকিস্তান সীমান্তত সেনা আৰু বি এছ এফে চোৰাংচোৱাগিৰি বৃদ্ধি কৰিছে। ইয়াৰ মাজতে সোমবাৰে সন্ধিয়া জম্মু-কাশ্মীৰৰ কথুৱাত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল কেবাজনো অনুপ্ৰৱেশকাৰীয়ে।

তেওঁলোকক সীমান্ত নিৰাপত্তা বাহিনীয়ে বাধা প্ৰদান কৰে। কিন্তু সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানক লক্ষ্য কৰি অনুপ্ৰৱেশকাৰীয়ে গুলীচালনা কৰে। বি এছ এফেও প্ৰত্যুত্তৰ দিয়ে।

বি এছ এফে জনোৱা মতে, গুলীচালনাত এজন অনুপ্ৰৱেশকাৰী নিহত হয়। অৱশ্যে মৃত লোকজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

Exit mobile version