লাডাখ সীমান্তত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত নতুন ৰেলপথ সম্প্ৰসাৰণৰ বাবে সাজু হৈছে চীন! 

1754998904 china rail line

India-China Border:✒️লাডাখ সীমান্তত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষত নতুন ৰে’ল প্ৰকল্পৰ কাম আৰম্ভ কৰিবলৈ সাজু হৈছে চীন। জিনজিয়াং-তিব্বত নতুন এই ৰে’লপথ নিৰ্মাণৰ কাম-কাজ বৃদ্ধি পোৱাত নতুন দিল্লীয়েও পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে।

চাউথ চাইনা মৰ্নিং পোষ্টৰ এক প্ৰতিবেদনত কোৱা হৈছে যে জিনজিয়াঙৰ পৰা তিব্বতলৈ নতুন ৰেলপথ নিৰ্মাণ কৰা হ’ব, যিয়ে জিনজিয়াঙৰ হোটানক তিব্বতৰ লাছাৰ স’তে সংযোগ কৰিব।

আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল প্ৰস্তাৱিত ৰে’লপথটো প্ৰকৃত সীমান্ত ৰেখাৰ ওচৰৰ পৰা পাৰ হ’ব। সমুদ্ৰপৃষ্ঠৰ পৰা ৪৫০০ মিটাৰ উচ্চতাত নিৰ্মাণ হ’ব এই নতুন ৰেলপথ।

শেহতীয়া তথ্য অনুসৰি, লাছাৰ স’তে চীনৰ প্ৰথম ৰেল সংযোগ ২০০৬ চনৰ পৰা আৰম্ভ হৈছিল।এইবাৰ চীনে সেই ৰেলপথৰ সম্প্ৰসাৰণ আৰম্ভ কৰিছে। তেওঁলোকে সেই ৰেলপথটো তিব্বতলৈকে স্থাপন কৰাৰ পৰিকল্পনা কৰিছে, যিটো আকছাই চিনৰ মাজেৰে পাৰ হ’ব।

বিশেষজ্ঞসকলৰ মতে আকছাই চিন আৰু প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ মাজেৰে পাৰ হৈ যোৱা প্ৰস্তাৱিত ৰে’ল প্ৰকল্পটোৱে ভাৰত-চীন সীমান্তত সামৰিক অস্ত্ৰ-শস্ত্ৰ আৰু সৈন্য নিয়োগ কৰাত যথেষ্ট সুবিধা প্ৰদান কৰিব।

অনুমান কৰা হৈছে যে সেই কৌশলগত কাৰণত চীনে এই ৰেলপথ সম্প্ৰসাৰণৰ কাম আৰম্ভ কৰিছে। ৰে’লপথ সম্প্ৰসাৰণৰ কাম এই বছৰৰ পৰাই আৰম্ভ হ’ব।

Exit mobile version