লোকসভাত গৃহীত আয়কৰ বিধেয়ক ! কৰ পৰিশোধ প্ৰক্ৰিয়াত কি পৰিৱৰ্তন আহিব?

Income tax: ✒️লোকসভাত গৃহীত হয় আয়কৰ বিধেয়ক। নিৰ্বাচিত সমিতিৰ পৰামৰ্শসমূহ সন্নিৱিষ্ট কৰি লোকসভাত গৃহীত হয় বিধেয়কখন। নতুন আয়কৰ বিধেয়কখন সংসদত উত্থাপন কৰা হৈছিল যদিও নৰেন্দ্ৰ মোডী চৰকাৰে প্ৰত্যাহাৰ কৰিছিল।

অৱশেষত নিৰ্বাচিত সমিতিৰ পৰামৰ্শ অনুসৰি সোমবাৰে বিধেয়কখন পুনৰ উত্থাপন কৰা হয়।নিৰ্বাচিত সমিতিৰ প্ৰায়বোৰ পৰামৰ্শ অনুসৰি বিধেয়কখন গৃহীত হয়।

এই বিধেয়কখন চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত লোকসভাত উত্থাপন কৰা হৈছিল। যদিও আৰম্ভণিৰে পৰাই বিধেয়কখনৰ কিছু অংশক লৈ বিৰোধীয়ে আপত্তি উত্থাপন কৰিছিল।

অৱশেষত সোমবাৰে লোকসভাত পুনৰ উত্থাপন কৰা হয় সংশোধিত বিধেয়কখন। প্ৰাপ্ত তথ্য অনুসৰি, নিৰ্বাচিত সমিতিখনে বিধেয়কখনৰ সন্দৰ্ভত মুঠ ২৮৫টা পৰামৰ্শ আগবঢ়াইছিল। প্ৰত্যেকটো গৃহীত হৈছে।

নতুন পৰামৰ্শসমূহৰ ভিতৰত আছে-

১/ ৰিটাৰ্ণ পলমকৈ দাখিল কৰিলেও ধন ঘূৰাই পোৱাৰ দাবী কৰিব পাৰে কৰদাতাই।

২/ দেৰিকৈ টিডিএছ দাখিল কৰিলেও কোনো জৰিমনা নাথাকিব।

৩/ কৰ নিদিয়াসকলে আগতীয়াকৈ শূন্য প্ৰমাণ পত্ৰ লাভ কৰিব পাৰিব।

৪/ এককালীন পেঞ্চনৰ ক্ষেত্ৰত কৰ ৰেহাইৰ ব্যৱস্থা থাকিব।

৫/ সম্পত্তি কৰ নিয়ম স্পষ্ট কৰা হৈছে।

আয়কৰৰ নিয়মতো কেবাটাও সালসলনি কৰা হৈছে। কিন্তু বৰ্তমানৰ কৰ গাঁথনিত কোনো পৰিৱৰ্তন হোৱা নাই।

আয়কৰ বিশেষজ্ঞ আৰু চৰকাৰী সূত্ৰৰ মতে, ২০২৬ চনৰ এক এপ্ৰিলৰ পৰা নতুন আয়কৰ আইন কাৰ্যকৰী হ’ব পাৰে।কিন্তু সোমবাৰে বিধেয়কখনৰ ওপৰত হোৱা আলোচনাৰ সময়ত লোকসভাত কাৰ্যতঃ কোনো বিৰোধিতা উপস্থিত নাছিল। নামমাত্ৰ আলোচনাৰ অন্তত বিধেয়কখন গৃহীত হয়।এনেদৰে বিধেয়কখন গৃহীত হোৱাত ক্ষোভিত হৈ পৰিছে বিৰোধী।

Exit mobile version