সমগ্ৰ উত্তৰ ভাৰতত প্ৰচণ্ড বৰষুণৰ সতৰ্কতা, দিল্লী বিমানবন্দৰত সেৱা ব্যাহত

delhi weather

Heavy Rain: ✒️দিল্লীত ধাৰাসাৰ বৰষুণ। কৃত্ৰিম বানত বুৰ গৈছে বিশাল এলেকা। ধাৰাষাৰ বৰষুণত ব্যাহত হৈ পৰিছে ৰাজধানীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সেৱা।

কেৱল দিল্লীতে নহয় উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশতো জাৰি কৰা হৈছে সতৰ্কবাণী ।

কীলং, স্পিটি ভেলী, কাজা, কল্পা, চাংলা, কাছাউলীকে ধৰি উত্তৰ ভাৰতৰ আন কেবাখনো স্থানত বজ্ৰপাতৰ স’তে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে।ৰাজ্যখনত জাৰি কৰা হৈছে কমলা ৰঙৰ সতৰ্কবাণী।

সমগ্ৰ উত্তৰ ভাৰতৰ বতৰৰ বাবে বতৰ বিজ্ঞান বিভাগে হালধীয়া সতৰ্কবাণী জাৰি কৰিছে। ৰাজধানী আৰু কাষৰীয়া নয়ডা, গাজিয়াবাদ, ফৰিদাবাদৰ লগতে উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ কিছু অংশৰ বাবে কমলা ৰঙৰ সতৰ্কতা জাৰি কৰা হৈছে। চণ্ডীগড়, পঞ্জাৱ আনকি জম্মুতো বৰষুণৰ সম্ভাৱনা।

Exit mobile version