Texas:✒️বন্দুকধাৰীৰ আক্ৰমণত পুনৰ ৰক্তাক্ত আমেৰিকা। দোকানৰ বাহিৰত হোৱা নিৰ্বিচাৰ গুলীচালনাত নিহত হয় তিনিজন লোক ।অৱশ্যে এতিয়াও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই অভিযুক্তক।
আৰক্ষীৰ সূত্ৰ অনুসৰি সোমবাৰে পুৱা টেক্সাছৰ অষ্টিন চহৰত সংঘটিত হয় এই ঘটনা।
প্ৰত্যেক দিনাৰ দৰে সেইদিনাও দোকানখনত বহু মানুহ গোট খাইছিল। সকলোৱে বজাৰ কৰাত ব্যস্ত আছিল। দোকানৰ বাহিৰত মানুহৰ ভিৰ। সেই সময়ত হঠাতে এজন যুৱকে গুলীচালনা আৰম্ভ কৰে। বন্দুকৰ গুলীৰ ফলত থিতাতে মৃত্যু হয় তিনিজন লোক।
ইয়াৰ পাছতে সেই স্থানৰ পৰা পলায়ন কৰে অভিযুক্ত। এই তথ্য লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী।
ইতিমধ্যে মৃতদেহ তিনিটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। কিন্তু যুৱকজনে কিয় গুলীচালনা কৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
আৰক্ষীৰ এগৰাকী বিষয়াই কয়, “এই খবৰ পাই আমি ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়। প্ৰাৰম্ভিক তদন্তৰ অন্তত অভিযুক্তৰ বয়স ৩০ বুলি জানিব পৰা যায়।”নিৰ্বিচাৰে গুলীচালনাৰ পাছত অভিযুক্তই এখন গাড়ী চুৰি কৰি তাৰ পৰা পলায়ন কৰে। আমি ইতিমধ্যে তেওঁৰ সন্ধান আৰম্ভ কৰিছো। মানসিক অৱস্থাৰ বাবে যুৱকজনে এনে কাণ্ড সংঘটিত কৰা বুলি অনুমান কৰা হৈছে।”






























