Dhemaji :জব কাৰ্ডৰ হিতাধিকাৰীৰ পৰা মুকলিকৈ উৎকোচ লোৱাত ব্যস্ত গ্ৰাম ৰোজগাৰ সহায়কৰ

DHEMAJI

Dhemaji :

ঘোচখোৰৰ বিৰুদ্ধে ৰাজ্যৰ চোকে কোনে চিএম ভিজিলেঞ্চ আৰু দুনীৰ্তি নিবাৰক শাখাই অভিযান চলোৱাৰ পিছতো একাংশ ঘোচখোৰৰ হোৱা নাই শিকনি ৷ বৰং মুকলিকৈ উৎকোচ লোৱাত ব্যস্ত একাংশ ঘোচখোৰ চৰকাৰী কৰ্মচাৰী।

ধেমাজি জিলাৰ ঢকুৱাখনাত মুকলিকৈ উৎকোচ লোৱাত ব্যস্ত হৈছে চৰকাৰী কৰ্মচাৰী। জব কাৰ্ডৰ হিতাধিকাৰীৰ পৰা সংগ্ৰহ কৰিছে উৎকোচ ৷

ঢকুৱাখনাৰ ঘিলামৰা পঞ্চায়তত কৰ্মৰত লেখন কুলী নামৰ গ্ৰাম ৰোজগাৰ সহায়ক গৰাকীয়ে মুকলিকৈ একাংশ হিতাধিকাৰীৰ পৰা ধন লোৱাৰ দৃশ্য বন্দী হয় সংবাদ মাধ্যমৰ কেমেৰাত ৷

খাটি খোৱা দৰিদ্ৰৰ পৰা জব কাৰ্ডৰ নামত মুকলিকৈ উৎকোচ লোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ধেমাজিৰ সৰ্বত্ৰে। ৷ শূন্যসহনশীলতাৰ কথা মুখ্যমন্ত্ৰীয়ে কোপদৃষ্টি এইসকল ঘোচখোৰৰ ওপৰত দৃষ্টি পৰিবনে ৷

Exit mobile version