Lachit Borphukan Police Academy:
গোলাঘাট জিলাৰ দেৰগাঁওস্থিত লাচিত বৰফুকন পুলিচ একাডেমীত আজি আয়োজিত গোৱাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় ইণ্ডিয়া ৰিজাৰ্ভ বেটেলিয়নৰ অন্তৰ্গত ৭০০গৰাকী গোৱা আৰক্ষীৰ নৱনিযুক্ত প্ৰাৰ্থীৰ পাছিং আউট পেৰেড কাৰ্যসূচীত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা আৰু গোৱাৰ মুখ্যমন্ত্ৰী ড° প্ৰমোদ সাৱন্ত ৷ দুয়ো গৰাকী মুখ্যমন্ত্ৰীয়ে নৱনিযুক্ত প্ৰাৰ্থীসকলৰ কুজকাৱাজৰ অভিবাদন গ্ৰহণ কৰাৰ লগতে শ্ৰেষ্ঠত্ব অৰ্জন কৰা কেডেট সকলক পদক আৰু ট্ৰফী প্ৰদান কৰে ৷
ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই গোৱাৰ মুখ্যমন্ত্ৰী ড° প্ৰমোদ সাৱন্তক আদৰণি জনাই ৷মুখ্যমন্ত্ৰী ড:শৰ্মাই এই প্ৰশিক্ষণৰ বাবে লাচিত বৰফুকন পুলিচ একাডেমীক নিৰ্বাচন কৰাৰ বাবে গোৱা চৰকাৰক কৃতজ্ঞতা প্ৰকাশ কৰে। এই পদক্ষেপ আন্ত:ৰাজ্যিক সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ প্ৰচেষ্টা বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে।
আনহাতে সাংবাদিকৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ড:শৰ্মাই কয়,লাচিত বৰফুকন পুলিচ একাডেমীত অসম আৰক্ষীৰ প্ৰশিক্ষণৰ উপৰিও মণিপুৰ, গোৱা সহ বিভিন্ন ৰাজ্যৰ আৰক্ষীয়ে প্ৰশিক্ষণ লৈ আহিছে ৷ এই একাডেমি খন দেশৰ আগশাৰীৰ আৰক্ষীৰ প্ৰশিক্ষণলৈ ৰূপান্তৰিত হৈছে৷ আগতে অসম আৰক্ষীয়ে প্ৰশিক্ষণৰ বাবে যাব লাগিছিল আন ৰাজ্যলৈ ৷ এতিয়া অসম আৰক্ষী আন ৰাজ্যলৈ যাব নালাগে লাচিত বৰফুকন পুলিচ একাডেমীতে উৎকৃষ্ট প্ৰশিক্ষণ লাভ কৰিবলৈ সক্ষম হৈছে ৷
মুখ্যমন্ত্ৰীয়ে আৰু কয় যে, বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ পবিত্ৰ ক্ষণত লাচিত বৰফুকন পুলিচ একাডেমীত এতিয়া দেশৰ বিভিন্ন ৰাজ্যৰ আৰক্ষীয়ে নিৰন্তৰভাৱে লৈ আহিছে উচ্চমানৰ প্ৰশিক্ষণ ৷ যাৰবাবে শেহতীয়াকৈ একাডেমিয়ে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে ৷






























