Rupkonwar Chowk:নগাঁও চহৰৰ ‘ঢাকাইপট্টি’ৰ নাম সলনি, জনাজাত হ’ব “ৰূপকোঁৱৰ চ’ক” নামেৰে,আয়ুক্তৰ ঘোষণা

rup

Rupkonwar Chowk:

নগাঁও চহৰৰ মাজমজিয়াৰ ব্যৱসায়ীক স্থল ‘ঢাকাইপট্টি’ৰ নাম সলনি ৷ ‘ঢাকাইপট্টি’ৰ নতুন নাম হ’ব ৰূপকোঁৱৰ চ’ক ৷ আজিৰে পৰা জনাজাত হ’ব “ৰূপকোঁৱৰ চ’ক”৷ জিলা আয়ুক্ত দেবাশীষ শৰ্মাৰ এক সংবাদমেল যোগে এই কথা ঘোষণা কৰে ৷

উল্লেখ্য যে, যোৱা সপ্তাহত সন্ধিয়া এজন খিলঞ্জীয়া যুৱকক বিশেষ সম্প্ৰদায়ৰ যুৱকে হেলমেটৰে উপযুপৰি প্ৰহাৰ কৰাৰ পিচতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ আৰক্ষীয়ে হেলমেটৰে প্ৰহাৰ কৰা যুৱকজনক আটক কৰি আদালতৰ জৰিয়তে জেললৈ প্ৰেৰণ কৰিছিল ৷

ইয়াৰ পাছতে নগাঁৱৰ বিভিন্ন দল- সংগঠনে বাংলাদেশৰ ৰাজধানী ঢাকাৰ শব্দ সংযোজিত ঢাকাইপট্টিৰ নামটো সলনিৰ দাবী কৰে ৷ আনকি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই বিষয়টো হস্তক্ষেপ কৰি তৎকালেই ঢাকাইপট্টিৰ নামটো সলনি কৰিবলৈ নগাঁও জিলাৰ আয়ুক্তক নিৰ্দেশ দিয়ে ৷

অৱশেষত জিলা আয়ুক্ত দেবাশীষ শৰ্মাই আজি ঢাকাইপট্টি’ৰ নাম সলনি কৰি ৰূপকোঁৱৰ চ’ক” নামটো ঘোষণা কৰে ৷ স্মতৰ্ৱ্য যে,ৰূপকোঁৱৰ চ’ক(পূবৰ ঢাকাইপট্টি)ৰ প্ৰৱেশদ্বাৰতে আছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ প্ৰতিমুৰ্তি ৷

Exit mobile version