supreme court:✒️”দেশৰ নিৰ্বাচন আয়োগৰ পাছত উচ্চতম ন্যায়ালেয়ও ক’লে যে আধাৰ কাৰ্ড বা আধাৰ নথি নাগৰিকত্বৰ প্ৰমাণ হ’ব নোৱাৰে। আধাৰ আইনৰ ন নম্বৰ ধাৰা ব্যাখ্যা কৰি ন্যায়ালয়ে আজি এই মন্তব্য কৰে। বিহাৰৰ শেহতীয়া বিতর্কিত ভোটাৰ তালিকা পৰীক্ষণৰ এক গোচৰৰ আজি শুনানি গ্রহণ কৰে ন্যায়াধীশ সূর্য কান্ত আৰু ন্যায়াধীশ জয়মালা বাগচিৰ এখন বিচাৰপীঠে।
গোচৰটোৰ শুনানি গ্ৰহণৰ সময়ত ন্যায়াধীশ কান্তে কয়, ‘এই গোচৰৰ আবেদনকাৰীসকলে কৈছেনে যে আধাৰ কার্ড নাগৰিকত্ব প্রমাণ নহয়? তেওঁলোকে কোৱা নাই যে এয়া এক ব্যৱস্থা নহয়। আধাৰক নাগৰিকত্বৰ সৰ্বশেষ প্ৰমাণৰূপে গ্রহণ কৰিব নোৱাৰে বুলি নির্বাচন আয়োগে কোৱা কথা শুদ্ধ। এয়া প্ৰমাণ কৰিব লাগিব। আধাৰ আইনৰ ন ধাৰা চাওক।’
বিচাৰপীঠে লগতে মন্তব্য কৰে যে ভোটাৰ তালিকাত নাগৰিকৰ নাম অন্তর্ভুক্তি আৰু বিদেশীৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ এক্তিয়াৰ নিৰ্বাচন আয়োগৰ আছে। উল্লেখ্য যে আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয় বুলি অলপতে নির্বাচন আয়োগে দাবী কৰাত দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। এনে অৱস্থাতে আজি ন্যায়ালয়ে আধাৰ আইনৰ ন দফাৰ কথা উল্লেখ কৰি আধাৰ নথি নাগৰিকত্বৰ প্ৰমাণ নহয় বুলি মন্তব্য কৰে।
আনহাতে, আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা প্রস্তুত কৰোতে নির্বাচন আয়োগে এক বিশেষ গভীৰ পুনৰীক্ষণ ব্যৱস্থা কৰাক লৈ যি প্রতিক্রিয়া সৃষ্টি হৈ আছে, তাক লৈও কালি বিচাৰপীঠখনে মন্তব্য কৰে।
উল্লেখ্য যে এই বিশেষ গভীৰ পুনৰীক্ষণৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যখনৰ মুঠ ভোটাৰৰ ৭.৯ কোটিৰ ৭.২৪ কোটিয়ে নথিপত্র দাখিল কৰে। এই সম্পৰ্কত দুজনীয়া বিচাৰপীঠখনে কয়, ‘যদি ৭.৯ কোটি ভোটাৰৰ ৭.২৪ কোটিয়ে সঁহাৰি দিছে, তেন্তে এক কোটি ভোটাৰ হেৰুওৱাৰ তত্ত্বক ই ধ্বংস কৰে।’
ইয়াক লৈ অভিযোগ উত্থাপন হোৱাৰ কাৰণ আস্থাৰ ঘাটিৰ বাহিৰে আন একো নহয় বুলিও বিচাৰপীঠৰ ন্যায়াধীশদ্বয়ে মন্তব্য কৰে। উল্লেখ্য যে বিহাৰৰ এই শেহতীয়া ভোটাৰ তালিকাৰ গভীৰ পুনৰীক্ষণক লৈ দেশজুৰি তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈ আছে। সোমবাৰে বিষয়টোক লৈ বিৰোধী দলসমূহৰ তিনিশ সাংসদে দিল্লীও উত্তাল কৰে।
কালি দুজনীয়া বিচাৰপীঠে শুনানি গ্রহণ কৰা গোচৰৰ এটা পক্ষ হৈছে আৰজেডিৰ সাংসদ মনোজ ঝা। তেওঁৰ হৈ ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰি জ্যেষ্ঠ অধিবক্তা কপিল শিবালে অভিযোগ উত্থাপন কৰে যে ৰাজ্যখনত নির্বাচন আয়োগে প্রয়োগ কৰা পদ্ধতিৰ ফলত এক বিপুলসংখ্যক ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ পৰিব। বিশেষকৈ যিসকল ভোটাৰ প্ৰয়োজনীয় প্ৰ-পত্ৰ যোগাৰ কৰাত ব্যর্থ হয়, সেইসকলৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ পৰাৰ আশংকা কৰে গুচৰীয়া পক্ষই। অৱশ্যে গুচৰীয়া পক্ষৰ এনে যুক্তি গ্ৰহণ কৰিবলৈ একপ্ৰকাৰ অস্বীকাৰ কৰে দুজনীয়া বিচাৰপীঠখনে। কালিৰ গোচৰটোৰ শুনানি দুপৰীয়া ১২ বজাৰ পৰা আবেলি চাৰি বজালৈ চলি থাকে।
নির্বাচন আয়োগে মৃত ঘোষণা কৰা দুই ভোটাৰক লৈ উচ্চতম
ন্যায়ালয়ত উপস্থিত যোগেন্দ্ৰ যাদৱ
কালি উচ্চতম ন্যায়ালয়ে বিহাৰৰ এছআইআৰ সম্পৰ্কীয় শুনানি গ্রহণ কৰি থকাৰ সময়ত এক অভাৱনীয় ঘটনা সংঘটিত হয়। এছআইআৰৰ পাছত আয়োগে প্রকাশ কৰা তালিকাত মৃত বুলি নাম অন্তর্ভুক্ত হোৱা দুজন ভোটাৰক লগত লৈ গোচৰটোৰ শুনানি গ্রহণ কৰি থকা ন্যায়াধীশ সূর্য কান্ত আৰু ন্যায়াধীশ জয়মালা বাগচীৰ বিচাৰপীঠত উপস্থিত হয় বিখ্যাত সাংবাদিক যোগেন্দ্ৰ যাদৱ। বিচাৰপীঠৰ আগত ভোটাৰ দুজনক উপস্থিত কৰাই যাদৱে কয়, ‘অনুগ্ৰহ কৰি তেওঁলোকলৈ চাওক। তেওঁলোকক মৃত ঘোষণা কৰা হৈছে। কিন্তু তেওঁলোক জীয়াই আছে। তেওঁলোকলৈ চাওক।’
এই ভোটাৰদ্বয়ক ন্যায়ালয়ত উপস্থিত কৰাই যাদৱে সাব্যস্ত কৰিবলৈ বিচাৰে যে এছআইআৰৰ নামতো বিহাৰত ভোটাৰ তালিকাত বৃহৎ অনিয়ম সংঘটিত হৈছে। অৱশ্যে তেওঁৰ এই কার্যক নাটক আখ্যা দিয়ে বিচাৰপীঠত নির্বাচন আয়োগৰ যুক্তি প্ৰদৰ্শন কৰা জ্যেষ্ঠ অধিবক্তা ৰাকেশ দ্বিবেদীয়ে। তেতিয়া ন্যায়াধীশ বাগচীয়ে কয় যে এই ঘটনা অমনোযোগিতাবশতঃ হোৱা ভুল হ’ব পাৰে। এই ভুল শুধৰণি কৰিব পাৰি বুলি উল্লেখ কৰি ন্যায়াধীশগৰাকীয়ে লগতে কয়, ‘এয়া অমনোযোগিতাবশতঃ হোৱা ভুল হ’ব পাৰে। শুধৰাব পাৰি। কিন্তু আপুনি উল্লেখ কৰা দিশসমূহ টুকি লোৱা হ’ল।’
উল্লেখ্য যে বিহাৰত নিৰ্বাচন আয়োগে সম্পন্ন কৰা এছআইআৰৰ পাছত প্রকাশিত খচৰা ভোটাৰ তালিকাৰ পৰা ৬৫ লক্ষাধিক ভোটাৰৰ নাম বাদ পৰিছে। ইয়াক লৈ দেশজুৰি আলোড়ন আছে। এই সমগ্র ঘটনাৰ স’তে বিৰোধীয়ে নির্বাচন আয়োগৰ লগতে মোদী চৰকাৰক সাঙুৰি প্ৰতিবাদ সাব্যস্ত কৰি আছে।
