Bollywood:✒️২০২৫ বর্ষত বর্তমানলৈকে সর্বাধিক পাৰিশ্রমিক লাভ কৰা অভিনেতাৰ তালিকা প্রকাশ পালে। ফ’বছে তৈয়াৰ কৰা এই তালিকাত বলিউডৰ পৰা আৰম্ভ কৰি দক্ষিণ ভাৰতৰ চিত্ৰজগতৰ জনপ্রিয় অভিনেতাৰ স্থান লাভ কৰিছে।
২০২৫ত বৰ্তমানলৈকে সর্বাধিক পাৰিশ্ৰমিক গ্রহণ কৰা ১০ অভিনেতাৰ তালিকাত প্রথম স্থানত আছে দক্ষিণ ভাৰতীয় অভিনেতা অল্লু অর্জুন।
অল্লুরে ‘পুষ্পা-২’ত অভিনয়ৰ পাছত তেওঁৰ পাৰিশ্ৰমিক ৩০০ কোটি টকালৈ বৃদ্ধি কৰিলে। তালিকাত দ্বিতীয় স্থানত থকা থলাপতি বিজয়ে প্রতিখন ছবিত বর্তমানে ১৩০-২৭৫ কোটি টকাৰ পাৰিশ্ৰমিক গ্ৰহণ কৰে।
তৃতীয় স্থানত আছে শ্বাহৰুখ খান আৰু তেওঁ গ্রহণ কৰে ১৫০-২৫০ কোটি টকা। ৰজনীকান্তে গ্রহণ কৰে ১২৫-১৭০ কোটি টকাৰ পাৰিশ্ৰমিক। আমিৰ খানে বর্তমানে ১০০-২৭৫ কোটি টকাৰ পাৰিশ্ৰমিক দাবী কৰে।
দক্ষিণৰ অভিনেতা প্রভাসে গ্রহণ কৰে ১০০-২০০ কোটি টকাৰ পাৰিশ্ৰমিক। অজিত কুমাৰে প্ৰতি ছবিৰ বাবদ গ্ৰহণ কৰে ১০৫-১৬৫ কোটি টকাৰ পাৰিশ্রমিক। ছলমান খানে বর্তমানে গ্রহণ কৰে ১০০-১৫০ কোটি টকাৰ পাৰিশ্ৰমিক।
কমল হাছনে ১০০-১৫০ কোটি টকাৰ পাৰিশ্ৰমিক গ্ৰহণ কৰি আহিছে। তালিকাত দশম স্থানত থকা অক্ষয় কুমাৰে বৰ্তমানে প্রতি ছবিত গ্রহণ কৰে ৬০-১৪৫ কোটি টকাৰ পাৰিশ্রমিক।
