আমেৰিকাত এইচ১বি ভিছাধাৰী কৰ্মৰত ব্যক্তিসকলৰ বিপদ আগন্তুক দিনত বৃদ্ধি পাব পাৰে। ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ চৰকাৰে গ্ৰহণ কৰা নতুন নীতিৰ ফলত আমেৰিকাত এইচ১বি ভিছা ধাৰকৰ সন্তানে আগন্তুক দিনত গ্রীণ কার্ড লাভকৰাটো কঠিন হ’ব।
ইউএছ চিটিজেনশ্বিপ এণ্ড ইমিগ্রেচন ছার্ভিচেছ (ইউএছচিআইএছ)-এ চাইল্ডছ ষ্টেটছ প্রটেকচন এক্ট (চিএচপিএ)ৰ সন্দৰ্ভত নিজৰ নীতি সংশোধন কৰিলে। এই নতুন নীতি ১৫ আগষ্ট বা তাৰ পাছত কাৰ্যকৰী কৰা হ’ব।
চিএছপিএৰ কাৰ্যকৰীকৰণৰ পাছত আমেৰিকাত এইচ১বি ভিছা ধাৰকৰ সন্তানে গ্রীণকাৰ্ড লাভ কৰাটো যথেষ্ট কঠিন হ’ব। ট্রাম্প প্ৰশাসনৰ এই নীতিৰ ফলত ভাৰতীয়সকল সৰ্বাধিক ক্ষতিগ্রস্ত হোৱাৰ সম্ভাৱনা আছে।
কিয়নো আমেৰিকাত এইচ১বি ভিছাৰ জৰিয়তে কৰ্মৰত কৰ্মীৰ সৰহসংখ্যক হৈছে ভাৰতীয়। বিত্তীয় বর্ষ ২০২৩ত এই ভিছাৰ স্বীকৃত আবেদনকাৰীৰ ৭৩ শতাংশ ভাৰতীয় নাগৰিক আছিল।
আমেৰিকাত গ্রীণকাৰ্ড লাভ কৰা ব্যক্তিসকলক স্থায়ী নিবাসী কার্ডধাৰী প্ৰৱাসী হিচাপে গণ্য কৰা হয় আৰু এনে ব্যক্তিয়ে আমেৰিকাত স্থায়ীভাৱে কাম কৰাৰ আৰু বসবাসৰ অনুমতি লাভ কৰে।






























