Hagrama Mohilary:✒️বিজেপি নেতৃত্বাধীন এনডিএ ত্যাগ কৰি ওলাই আহিলেহে ইউপিপিএলৰ স’তে বিপিএফৰ মিত্রতা হ’ব। সমাগত বিটিচি নিৰ্বাচনৰ বতাহ গৰম হোৱাৰ সময়তে কালি এই চৰ্ত আৰোপ কৰে বিপিএফ মুৰব্বী হাগ্রামা মহিলাৰীয়ে।
ইউপিপিএলৰ স’তে বিপিএফৰ একত্ৰীকৰণক লৈ আলোচনাত বহিবলৈ অলপতে নিখিল বড়ো ছাত্র সন্থা (এবছু)ই বান্ধি দিয়া সময়সীমা কালি উকলি যায়। এই সময়সীমা উকলাৰ দিনটোতে বিপিএফ মুৰব্বী মহিলাৰীয়ে মন্তব্য কৰে যে এবছুৱে ওপৰে ওপৰে কথা কৈ থাকিলে নহ’ব। তেওঁ কেতিয়াবাৰ পৰাই ইউপিপিএলৰ স’তে বিপিএফৰ একত্ৰীকৰণৰ কথা কৈ আহিছে বুলি উল্লেখ কৰি মহিলাৰীয়ে ইউপিপিএলৰ কাম নাই বুলিও কটাক্ষ কৰে।
সাংবাদিকৰ আগত তেওঁ কয়, ‘এবছৰে আহ্বান জনাইছে; কিন্তু মই কেতিয়াবাৰ পৰাই ইউপিপিএল-বিপিএফৰ একত্ৰীকৰণৰ কথা কৈ আহিছো। ইউপিপিএল এনডিএৰ লগত আছে। দিল্লী-দিছপুৰত চৰকাৰত আছে। এনডিএ ত্যাগ কৰি ওলাই আহক। এবছুবে এই কথা আগতে স্পষ্ট কৰক। এনডিএৰ পৰা ওলাই আহিলে ইউপিপিএলৰে আমাৰ একত্ৰীকৰণত আপত্তি নাই।’
বিপিএফ মুৰব্বীজনে লগতে এক কৌশলী স্থিতিৰে মন্তব্য কৰে যে ইউপিপিএল আৰু কংগ্ৰেছৰ কাম নাই। ইউপিপিএলতকৈ বিজেপি অধিক শক্তিবান হৈ আছে বুলিও তেওঁ তাৎপর্যপূর্ণ মন্তব্য কৰে। গতিকে সমাগত বিটিচি নির্বাচনত বিজেপি আৰু বিপিএফৰহে প্রতিদ্বন্দ্বিতা হ’ব বুলি তেওঁ দাবী কৰে।
আনহাতে, মুখ্যমন্ত্রীক কিয় সমালোচনা নকৰে বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মহিলাৰীয়ে কেৱল ‘হে জাম্বা’ বুলি কৈ হাঁহি মাৰি বিষয়টো এৰাই চলে। একেদৰে শেহতীয়াভাবে মুখ্যমন্ত্রীসহ বিজেপি নেতৃবর্গই বিটিআৰৰ ভিচিডিচিসমূহৰ বিৰুদ্ধে কৰি অহা আক্রমণাত্মক মন্তব্যৰ সন্দৰ্ভত মহিলাৰীয়ে তাৎপর্যপূর্ণভাবে কয় যে ৰাজনীতিত যিকোনো বিষয় আলোচনা বা সমালোচনা কৰিব পাৰি।
অৱশ্যে প্রমোদ বড়োক কিয় সমালোচনা কৰে বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘প্রমোদ বড়োক গালি পাৰো, কাৰণ তেওঁ বিটিচি চলাইছে।’ মহিলাৰীয়ে আজি পূৰ্বৰ সতীর্থ খাম্ফা বৰগয়াৰী আৰু ৰঞ্জিত বসুমতাৰী (ফেৰেংগা)ক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে। আগন্তুক পৰিষদীয় নির্বাচনত ফেৰেংগা আৰু বৰগয়াৰীয়ে যি সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিব তাতে থিয় হোৱাৰ ইংগিত দি মহিলাৰীয়ে কয়, ‘খাম্ফা আৰু বসুমতাৰীয়ে ক’ত নির্বাচন খেলে মই লক্ষ্য কৰি আছো। মই তাতেই খেলিম। খাম্ফাৰ কাম নাই। খাম্ফা ইমান ডাঙৰ লীডাৰ। এতিয়া ক’ত লুকাই আছে? পৰিষদ বিপিএফেই গঠন কৰিব।’
কালি বিপিএফ মুৰব্বীজনে এনে মন্তব্য কৰাৰ লগে লগে প্রস্তাবিত ইউপিপিএল-বিপিএফৰ একত্ৰীকৰণ ওলমি ৰোৱাৰ সম্ভাৱনা প্রকট হ’ল। লক্ষ্যণীয়ভাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই দোহাৰি আহিছে যে মহিলাৰী আৰু ইউপিপিএল মুৰব্বী বড়োবে প্রতিদ্বন্দ্বিতা কৰা সমষ্টিত বিজেপিয়ে প্রার্থী নিদিয়ে।
কালি বিপিএফৰ কৰ্ণধাৰ সমিতিৰ এখন বৈঠক বৰমাত অনুষ্ঠিত হয়। ইতিমধ্যে দলে আগন্তুক বিটিচি নিৰ্বাচনৰ ২২খন আসনৰ প্রার্থী তালিকা প্রকাশ কৰিছে বাকী থকা ১৮খন আসনৰ প্ৰাৰ্থীসকলৰ নামো অহা ২০ আগষ্টৰ ভিতৰত ঘোষণা কৰাৰ ইংগিত দিছে দলীয় নেতৃত্বই। সূত্রই জনোৱা মতে, এই কৰ্ণধাৰ সমিতিৰ বৈঠকত দলে আগন্তুক নিৰ্বাচনৰ ৰণকৌশল নির্ধাৰণ কৰে।
বিপিএফে আগন্তুক পৰিষদ গঠন কৰিব বুলি দাবী কৰি মহিলাৰীয়ে লগতে কয় যে আগন্তুক পৰিষদীয় নির্বাচনত দলে ৰাইজৰ ওচৰলৈ স্পষ্ট এজেণ্ডা লৈ যাব আৰু সেই বিষয় আজিৰ কৰ্ণধাৰ বৈঠকৰ মূল আলোচনাৰ বিষয় আছিল। আগন্তুক এই নির্বাচনত নিবনুৱা সমস্যা আৰু ভূমিপট্টা প্রদানেই বিপিএফৰ মুখ্য নির্বাচনী এজেণ্ডা হ’ব বুলিও তেওঁ ঘোষণা কৰে।
কালি কাজলগাঁৱত বিপিএফে এক জনসভা আয়োজন কৰাৰ লগতে ‘আশীর্বাদ যাত্রা’ উলিয়ায়। ৰাইজৰ আশীৰ্বাদত এইবাৰ পৰিষদ বিপিএফে গঠন কৰিব বুলি মহিলাৰীয়ে দাবী কৰে।
মহিলাৰী ক’ৰ পৰা আহিছে, কি কৰিছে, সেই কথা ক’লে তেওঁৰ চৰিত্ৰ উদং হ’ব: বড়ো
ইউপিপিএল-বিপিএফৰ একত্ৰীকৰণ প্ৰসংগ চৰ্চাত থকাৰ সময়তো দুই দলৰ মুৰব্বীৰ মাজত বাকযুদ্ধ অব্যাহত আছে। আজি বিজনীত বিপিএফ মুৰব্বীজনলৈ তীব্র বাক্যবাণ নিক্ষেপ কৰে ইউপিপিএলৰ মুৰব্বীয়ে। দলৰ মুৰব্বী প্রমোদ বড়োবে কয়, ‘তেওঁ কি কাম কৰিছে সকলো ৰাইজৰ ওচৰত আছে। ক’লে তেওঁৰ বেয়া হ’ব। তেওঁ আনক দোষ জাপি দি আনৰ কাম কৰিবলৈ বিচাৰে। তেওঁৰ কাৰ্যকালত কি হৈছিল, অলপ ঘূৰি চাওক। সমাজৰ ভাল পৰিৱেশ নিবিচৰা নায়কসকলৰ আমাক কিবা কোৱাৰ অধিকাৰ নাই। তেওঁৰ চৰকাৰ যেতিয়া আছিল, মোক মাৰি পেলাবলৈ বিচাৰিছিল। ২০২০ত মোৰ কনভয়ত আক্ৰমণ কৰিছিল; কিন্তু একো কৰিব নোৱাৰিলে।’ মহিলাৰীৰ ভয়-ভীতি, দাদাগিৰী শেষ কৰি সুস্থ সমাজ গঢ়িবলৈ অহা বুলিও ইউপিপিএল মুৰব্বীজনে মন্তব্য কৰে। আনকি তেওঁ কয় যে মহিলাৰী ক’ৰ পৰা আহিছে, কি কৰিছে, সেই কথা ক’লে তেওঁৰ চৰিত্ৰ উদং হ’ব।
বিপিএফ-ইউপিপিএলৰ একত্ৰীকৰণ আজিও বিচাৰিছো, ভবিষ্যতেও বিচাৰিম: এবছু
বিপিএফ আৰু ইউপিপিএলৰ একত্ৰীকৰণ ভবিষ্যতেও বিচাৰিব বুলি প্রকাশ কৰিছে এবছরে। আজি ওদালগুৰিত এখন সংবাদমেলত এবছু সভাপতি দ্বীপেন বড়োরে কয়, ‘বড়ো সাহিত্য সভা আৰু এবছুসহ ১৬টাকৈ বড়ো জাতীয় সংগঠন আৰু ৩০টা অন্যান্য জনগোষ্ঠীয় সংগঠনে বিচৰা অনুসৰি, আমি বিপিএফ আৰু ইউপিপিএলৰ একত্রীকৰণ বিচাৰিছো। দল দুটাৰ একত্রীকৰণ আজিও বিচাৰিছো আৰু ভবিষ্যতেও বিচাৰিম। আমি এই সম্পর্কত আজি (১২ আগষ্ট) লৈ সময়সীমা বান্ধি দিছিলো। আমি এতিয়াও মিত্ৰতাৰ বাবে অপেক্ষা কৰি আছো।’
আনহাতে, শেহতীয়াভাৱে বিপিএফ মুৰব্বী মহিলাৰীয়ে সভাই-সমিতিয়ে উল্লেখ কৰিছে যে ২০২০ৰ ২৩ ডিচেম্বৰত তেওঁ এই সংক্রান্তীয় বিষয়ত এবছুলৈ পত্ৰ প্ৰেৰণ কৰিছিল। মহিলাৰীৰ এই মন্তব্যক লৈ প্রতিক্রিয়া প্রকাশ কৰি এবছু সভাপতিজনে কয়, ‘তেতিয়া মই নিজে এবছৰ সভাপতি আছিলো। বর্তমানে বিধায়ক লৰেন্স ইছলাৰী তেতিয়া এবছৰ সাধাৰণ সম্পাদক আছিল। আমাৰ হাতত সকলো তথ্য আছে যে তেতিয়া কোনো পত্র পোৱা নাছিলো।’
লগতে তেওঁ সংবাদমেলত এখন পত্ৰ প্ৰদৰ্শন কৰি কয় যে এই পত্র লাভ কৰা বুলি এবছরে কোনো স্বাক্ষৰ কৰা নাই। এই সম্পর্কত তেওঁ আৰু কয়, ‘তেওঁলোকে হয়তো পত্ৰখন প্ৰেৰণৰ যো-জা চলাই বা পত্ৰ প্ৰেৰণৰ বাবে কাৰোবাক পঠিয়াইছিল; কিন্তু বডোফা হাউছৰ ঠিকনালৈ পঠিওৱা এই পত্ৰ সন্দৰ্ভত আমাৰ ‘ৰিচিভ ৰেকৰ্ড’ত কোনো তথ্য পোৱা নাই। কিন্তু এই পত্রখন এটা পত্রবোমাৰ দৰে হৈছে।’
তেতিয়া একাংশ শুভাকাংক্ষীয়ে ইউপিপিএল আৰু বিপিএফ একত্ৰিত হৈ পৰিষদ গঠন কৰাটো বিচাৰিছিল বুলিও বড়োৱে উল্লেখ কৰে। এই পত্ৰ কাৰ জৰিয়তে এবছুলৈ প্ৰেৰণ কৰিছিল, সেয়া স্পষ্ট কৰিবলৈ মহিলাৰীক তেওঁ আহ্বান জনায়। আনহাতে, সংবাদমেলত এবছু সভাপতিজনে কয় যে সংগঠনে বিপিএফ-ইউপিপিএলৰ মিত্রতা সন্দর্ভত সময়সীমা উকলাৰ পৰতো মহিলাৰীৰ পৰা সঁহাৰি বা উত্তৰ পোৱা নাই।
জনজাতি খণ্ড আৰু বেষ্টনীক লৈ কেতিয়াও আপোচ নকৰো!
ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ষষ্ঠ অনুসূচী আৰু জনজাতি খণ্ড আৰু বেষ্টনী সম্পৰ্কত অলপতে কৰা মন্তব্যই প্রতিক্রিয়া সৃষ্টি কৰি থকাৰ সময়তে বিষয়টোক লৈ আজি এবছু সভাপতিয়ে প্রতিক্রিয়া প্রকাশ কৰে।
তেওঁ কয়, ‘নিৰ্বাচনৰ প্ৰচাৰৰ নামত কোনো জাতি-জনগোষ্ঠীক আঘাত হানিব পৰা মন্তব্য কৰিব নালাগে। শইকীয়াৰ মন্তব্যৰ পাছত বিটিআৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমি জনজাতি খণ্ড আৰু বেষ্টনীক লৈ কেতিয়াও আপোচ নকৰো। বিটিচি চুক্তিত এই অঞ্চলৰ জনজাতি আৰু অজনজাতিসকলৰ অধিকাৰৰ বিষয়টো স্পষ্টভাবে উল্লেখ আছে। ১৯টা জনজাতি খণ্ড আৰু বেষ্টনী সামৰিহে এই অঞ্চলৰ জনসাধাৰণে বাস কৰে। সেই অনুসৰি ষষ্ঠ অনুসূচীত অঞ্চলটোক অন্তর্ভুক্ত কৰা হৈছে।’ বিজেপি সভাপতি শইকীয়াক ভবিষ্যতে এনে ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ তেওঁ আহ্বান জনায়। এবছু সভাপতিজনে লগতে কয়, ‘আইন আৰু ব্যৱস্থাৰ অধীনত সকলোৱে মাটিৰ পট্টা পাওক, তাত ক’বলগীয়া একো নাই। কিন্তু কাৰোবাক আঘাত হানি এনে ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকক।’






























