PM Modi:✒️অহা মাহত আমেৰিকালৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত অংশগ্ৰহণ কৰিবলৈ আমেৰিকালৈ যাব মোডী।
কিন্তু ইয়াৰ লগতে তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ স’তেও দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে বুলি দাবী সৰ্বভাৰতীয় এটা সংবাদ মাধ্যমৰ।
মাত্ৰ কিছুদিন পূৰ্বে ৰাছিয়াৰ তেল আমদানি কৰাৰ শাস্তি হিচাপে ট্ৰাম্পে ভাৰতৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰিছিল। ভাৰতৰ স’তে বাণিজ্য সন্দৰ্ভত আৰু কোনো আলোচনা নহ’ব বুলিও জনাইছিল।
শুল্ক সমস্যা সমাধান নোহোৱালৈকে আলোচনাৰ পক্ষত নহয় আমেৰিকাৰ ৰাষ্ট্ৰপতি। অৰ্থাৎ ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ ভৱিষ্যত এতিয়া সন্দেহৰ আৱৰ্তত।
এনে পৰিস্থিতিত তেওঁৰ ‘বন্ধু’ ট্ৰাম্পৰ স’তে তেওঁৰ ব্যক্তিগত সাক্ষাৎকাৰে বৰফ গলিবনে?এতিয়াৰ বাবে জ্ঞাত সূত্ৰই সেই দিশলৈও মন কৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি, ছেপ্টেম্বৰৰ শেষৰ পৰা নিউয়ৰ্কত সমবেত হ’ব বিশ্বৰ নেতাসকল। তাত ট্ৰাম্পৰ বাহিৰেও মোদীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিকে ধৰি বিশ্বৰ আন আন নেতাসকলৰ স’তেও সাক্ষাৎ কৰিব পাৰে।
ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ আৰম্ভণিতে আমেৰিকা ভ্ৰমণ কৰিছিল মোডীয়ে। সেই সময়ত তেওঁ ট্ৰাম্পৰ স’তে সাক্ষাৎ কৰিছিল।
সাত মাহৰ পাছত হোৱাইট হাউছত দুয়োগৰাকী নেতাৰ বৈঠক আৰু অধিক তাৎপৰ্যপূৰ্ণ।






























