Bihpuria Incident: খাকী পোচাকত পুনৰ দাগ লগালে আৰু এজন আৰক্ষী জোৱানে

পৰকীয়া প্ৰেমত লিপ্ত গিৰিন্দ্ৰ চেতীয়া নামৰ আৰক্ষী জোৱানক লৈ উত্তপ্ত বিহপুৰীয়াৰ বদতি আৰক্ষী থানা

badati

Bihpuria Incident:

খাকী পোচাকত পুনৰ দাগ লগালে আৰু এজন আৰক্ষী জোৱানে ৷ পৰকীয়া প্ৰেমত লিপ্ত গিৰিন্দ্ৰ চেতিয়া নামৰ আৰক্ষী জোৱানক লৈ মঙলবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ বদতি আৰক্ষী থানাত ৷

বিহপুৰীয়াৰ দক্ষিণ প্ৰান্তত অৱস্থিত নদী আৰক্ষী থানাখনত প্ৰতিষ্ঠা কালৰে পৰা ব’টমেন হিচাবে কৰ্মৰত গিৰিন্দ্ৰ চেতিয়া নামৰ আৰক্ষী জোৱানজনে স্থানীয় এগৰাকী বিবাহিত মহিলাৰ লগত দীৰ্ঘদিন ধৰি অবৈধ সম্পৰ্ক ৰক্ষা কৰি অহাৰ অভিযোগতে স্থানীয় একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰে।

সোমবাৰৰ নিশা সমগ্ৰ ঘটনাটো পোহৰলৈ অহাৰ পিছতেই মহিলা গৰাকীৰ স্বামীয়ে থানাখনত ব’টমেন হিচাবে নিয়োজিত গিৰিন্দ্ৰ চেতিয়াৰ কুকৰ্মৰ কথা ৰাজহুৱা কৰে। ইয়াৰ পিছতে মঙ্গলবাৰে সন্ধিয়া স্থানীয় একাংশ মহিলা আৰু যুৱকে বদতি থানাৰ সন্মুখত গিৰিন্দ্ৰ চেতিয়াক বিচাৰি উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে।

ক্ষুব্ধ ৰাইজৰ দাবী ৰক্ষকে যেতিয়া ভক্ষক হয়,তেতিয়া চেতিয়াৰ দৰে আৰক্ষীৰ প্ৰয়োজন ক’ত ? প্ৰতিবাদকাৰী সকলে বিতৰ্কিত গিৰিন্দ্ৰ চেতিয়াক শীঘ্ৰে চাকৰিৰ পৰা নিলম্বন কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায়।

উল্লেখযোগ্য যে থানা চৌহদত ৰাইজৰ ৰুদ্ৰ ৰূপ দেখি কৌশলেৰে পলায়ন কৰে গিৰিন্দ্ৰই ৷ ইতিমধ্যে থানাত বিহপুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকী উপস্থিত হৈ পৰিস্থিতি শাম কটোৱাৰ লগতে মহিলা গৰাকীৰ স্বামীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত জোৱানজনৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত ৰাইজ শান্ত হৈ গৃহাভিমুখী হয় ৷

Exit mobile version