Two goat thieves arrested:
এশ গৰু মাৰিলে,বাঘৰো মৰণ ৷ এই আপ্তবাক্যশাৰী প্ৰযোজ্য হ’ল দুই গভাইত ছাগলী চোৰৰ ক্ষেত্ৰত ৷ দীৰ্ঘদিন ধৰি লখিমপুৰ জিলাৰ বগীনদী আৰু চাউলধোৱা অঞ্চলত ছাগলী চুৰিৰে এক প্ৰকাৰ সন্ত্ৰাস চলাই অহা দুই গভাইত ছাগলী চোৰ অৱশেষত পৰিল আৰক্ষীৰ জালত ৷
লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ডান্টেজিৎ দেউৰীৰ নেতৃত্বত আৰু চাউলধোৱা আৰক্ষী চকীৰ এটা আৰক্ষী দলে বুধবাৰে জিলা খনৰ শিঙিদলনীত ফুল মহম্মদ নামৰ লোকজনৰ গৃহত অৰ্তকিতে অভিযান চলাই ১০ টা চুৰি ছাগলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
উল্লেখ যে ছাগলী চুৰিৰ মাষ্টাৰমাইণ্ড আকাশ বসুমতাৰী আৰু বিপ্লৱ চুতীয়াই মঙ্গলবাৰে থেকেৰাগুৰীত পথৰ কাষৰ পৰা ছাগলী চুৰি কৰি এএছ২২জি৭৪৯২ নম্বৰৰ চুইফট বাহন খনত লৈ পলাবলৈ চেষ্টা কৰোতেই চাউলধোৱা আৰক্ষীয়ে পথালিপাম চাহ বাগিছাৰ ওচৰত খেদি খেদি বাহন সহ আটক কৰে দুয়োজনকে ৷
আটকাধীন আকাশ বসুমতাৰীৰ ঘৰ গোগামুখত আৰু বিপ্লৱ চুতীয়াৰ ঘৰ চৈধ্য মাইলত ৷ দুই গভাইত চোৰৰ স্বীকাৰোক্তি ভিত্তিত বুধবাৰে পুৱা বগীনদী আৰক্ষী আৰু চাউলধোৱা আৰক্ষীয়ে বগীনদীৰ শিঙিদলনীত ফুল মহম্মদৰ গৃহত অভিযান চলাই আকাশ বসুমতাৰী আৰু বিপ্লৱ চুতীয়াই বিক্ৰী কৰা ১০ টা চুৰি ছাগলী উদ্ধাৰ কৰাৰ লগতে ফুল মহম্মদকোআটক কৰিবলৈ সক্ষম হয় ।






























