ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ অভাৱনীয় মাচুল বৃদ্ধিৰ প্ৰতিক্ৰিয়াত সেও মানি সিদ্ধান্ত স্থগিত

swoDhakkpq8ZXr5wlYF7kfAMwEMLqLL9dvG72gEF

Cancer Institute:✒️অসমত কৰ্কট ৰোগৰ ব্যাপক প্ৰাদুৰ্ভাৱৰ ফলত ৰাজ্যৰ ৰোগীসকলক সকাহ দিয়াৰ বাবে সুলভ মূল্যত চিকিৎসা প্ৰদানৰ বাবে স্থাপন কৰা ৰাজ্যিক কৰ্কট প্রতিষ্ঠানে টোঘলকী নীতিৰে আকস্মিকভাৱে অভাৱনীয় পৰিমাণত মাচুল বৃদ্ধি কৰাক লৈ তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এনে প্রতিক্রিয়াতে সেও মানি মাচুল বৃদ্ধিৰ সিদ্ধান্ত সাময়িকভাৱে স্থগিত ৰাখিবলৈ বাধ্য হয় প্রতিষ্ঠানখন। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা অধ্যক্ষ হৈ থকা অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেছনৰ অধীনৰ টাটা ন্যাসৰ এই প্ৰতিষ্ঠানখনৰ সিদ্ধান্তক লৈ স্বয়ং মুখ্যমন্ত্রীয়ে কালি প্রতিক্রিয়া প্রকাশ কৰাটো লক্ষ্যণীয় দিশ হৈ পৰে।

পূৰ্বে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানখন শেহতীয়াকৈ সম্পূৰ্ণৰূপে ব্যক্তিগত খণ্ডলৈ যোৱাৰ পৰিণাম স্বৰূপে যোৱা ১১ আগষ্টৰ সন্ধিয়াৰ পৰা সকলো ধৰণৰ মাচুল অভাৱনীয় হাৰত বৃদ্ধি কৰা হয়।

বুধবাৰে মুখ্যমন্ত্রীয়ে নিজেই আপত্তি দর্শাই কয় যে ৰোগীক ভর্তি কৰাৰ বাবদ ১০ হেজাৰ টকা আগতীয়াকৈ আদায় কৰাটো ভুল হৈছে। একে সময়তে মাচুল বৃদ্ধিৰ বিষয়টোক সমৰ্থন কৰি মুখ্যমন্ত্ৰীয়ে এইদৰেও কয় যে যদি অধিক মাচুল ধাৰ্য কৰা হৈছে, তেন্তে চৰকাৰী আঁচনিৰ অধীনত চিকিৎসা কৰাসকলৰ ব্যয় দিল্লীৰ পৰা অধিক পৰিমাণত আহিব। গতিকে এয়া ভাল কথাহে বুলি মাচুল বৃদ্ধিৰ বিষয়টোক ন্যায়সংগত কৰাৰ চেষ্টা চলায় মুখ্যমন্ত্রীয়ে।

মাচুল হ্ৰাসৰ সন্দৰ্ভত চিকিৎসালয়খনৰ অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰীয়ে জনায় যে এক পাইলট প্রকল্প হিচাপেহে যোৱা ১১ আগষ্টৰ পৰা অধিক মাচুল আদায়ৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল। ৰাইজৰ প্ৰতিক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত সেই সিদ্ধান্ত সম্প্রতি স্থগিত ৰখা হৈছে।

ডাঃ চৌধুৰীয়ে উল্লেখ কৰে যে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়া অনুসৰি, ১০ হেজাৰ টকা আগধন হিচাপে লোৱা সিদ্ধান্তটো বাতিল কৰা হৈছে। একেদৰে পঞ্জীয়ন মাচুল, পেয়িং কেবিন আদিৰ মাচুলো যি ধৰণে বৃদ্ধি কৰা হৈছিল, সেয়া এতিয়া দিব নালাগে।

উল্লেখ্য যে কোনো আগতীয়া জাননী অবিহনে পঞ্জীয়ন মাচুল পূৰ্বৰ এশ টকাৰ পৰিৱৰ্তে কৌশলৰে ৩৬০ টকালৈ বৃদ্ধি কৰা হৈছিল। তেনেদৰে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ নিয়ম অনুসৰি, ৰোগী ভর্তি হ’বলৈ হ’লে আগতীয়াকৈ ১০ হেজাৰ টকা আদায় দিয়াৰো সিদ্ধান্ত লোৱা হৈছিল।

ইপিনে, সাধাৰণ বিছনাৰ এদিনৰ ভাড়া দুশ টকাৰ পৰা ১৫শ টকালৈ, আইচিইউ কক্ষৰ বিছনাৰ ভাড়া ১৫শ টকাৰ পৰা চাৰি হেজাৰলৈ বৃদ্ধি কৰা হৈছিল। অনুৰূপ ধৰণে এজন ৰোগী থকা কেবিনৰ এদিনৰ ভাড়া তিনি হেজাৰ টকাৰ পৰা ৪,৫০০ টকালৈ, দুজন ৰোগী থকা কেবিনৰ এদিনৰ ভাড়াও দুহেজাৰ টকাৰ পৰা তিনি হেজাৰ টকালৈ বৃদ্ধি কৰা হৈছিল।

তদুপৰি দিনতেই কেম’ থেৰাপি লৈ গুচি যোৱা ৰোগীৰ পৰা আদায় লোৱা মাচুলৰ পৰিমাণ ৩১০ টকাৰ পৰা ৫১০ টকালৈ বৃদ্ধি কৰা হৈছিল। সকলো ধৰণৰ পৰীক্ষাৰ মাচুলো দুই-তিনি গুণলৈ বৃদ্ধি কৰা হৈছিল। ৰাজ্যিক কর্কট প্রতিষ্ঠানত মাচুল বৃদ্ধিৰ বিৰোধিতা কৰি অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বুধবাৰে মুখ্যমন্ত্রীলৈ এখন পত্র প্ৰেৰণ কৰে।

এই পত্ৰত মাচুল বৃদ্ধিৰ পৰিৱৰ্তে কৰ্কট ৰোগীৰ চিকিৎসা বিনামূলীয়া কৰিবলৈ তথা ৰাজসাহায্য প্রদানৰে সহজলভ্য কৰি তোলাৰ বাবে অনুৰোধ জনায়।

Exit mobile version