Rain:✒️পৰিৱেশবিদে আঙুলিয়াই অহা জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ বাস্তৱত পৰিছে নেকি? চলিত বাৰিষাত দেশৰ কেতবোৰ অঞ্চলত বৰষুণৰ পৰিমাণ অস্বাভাৱিকভাৱে হ্রাস পোৱাৰ বিপৰীতে আন কেতবোৰ অঞ্চলত মাত্রাধিক বৃষ্টিপাতে এই প্ৰশ্নৰ অৱতাৰণা কৰিছে।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, পৃথিবীৰে অন্যতম আর্দ্র অঞ্চল মেঘালয়ত এইবাৰৰ বাৰিষাত স্বাভাৱিকতকৈ ৪৫ শতাংশ কম বৰষুণ হৈছে। যোৱা পহিলা জুনৰ পৰা ১০ আগষ্টলৈ পাহাৰীয়া ৰাজ্যখনত ৯৮৭.৭ মিলিমিটাৰ বৰষুণ হয়।
এই বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ ৪৫ শতাংশ কম। আনহাতে, ‘শীতৰ মৰুভূমি’রূপে খ্যাত লাডাখত এইবাৰৰ বাৰিষাত ১১৫ শতাংশৰো অধিক বৃষ্টিপাত হৈছে। উল্লেখ্য যে বৰষুণৰ পৰিমাণ কম হোৱা অঞ্চল বা ৰাজ্যৰ মাজত অসমো আছে।
চলিত বছৰত অসমত ৩৭ শতাংশ বৰষুণ কম হৈছে। একেদৰে অৰুণাচল প্রদেশত ৪০ শতাংশ, ছিকিমত ২০ শতাংশ আৰু বিহাৰত ২৫ শতাংশ কম বৃষ্টিপাত হৈছে। অৱশ্যে লাডাখকে ধৰি কেতবোৰ অঞ্চলত মাত্রাধিক বৰষুণ হোৱাত এইবাৰ দেশত গড় হিচাপত বৰষুণৰ পৰিমাণ অধিক হৈছে।
বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, এই পর্যন্ত দেশত ৫৩৯ মিলিমিটাৰ বৃষ্টিপাত হৈছে। ইয়াৰ বিপৰীতে ৰাজ্য ভিত্তিক বৰষুণৰ পৰিমাণৰ তাৰতম্য ঘটিছে। উল্লেখ্য যে পাঁচখন বাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলত স্বাভাবিকতকৈ ৪১ শতাংশ অধিক বৰষুণ হৈছে।
ইয়াৰে অন্যতম দিল্লীত স্বাভাৱিকতকৈ ৩৭শতাংশ অধিক হৈ ৪৩৩.৫ মিলিমিটাৰ বৰষুণ হৈছে। একেদৰে ৰাজস্থানত ৫৮ শতাংশ অধিক বৰষুণ হৈছে। ৰাজ্যখনত এইবাৰ ৪৩০.৬ মিলিমিটাৰ বৰষুণ হৈছে।
মধ্যপ্রদেশতো ৩০ শতাংশ অধিক (৭৫৪.৩ মিলিমিটাৰ), পুডুচেৰীত ৩২ শতাংশ অধিক (২৫৮.২ মিলিমিটাৰ) বৰষুণ হৈছে। স্বাভাৱিকতকৈ কম বৰষুণ হোৱা অসম, বিহাৰ, মেঘালয় আদিত কৃষি ক্ষেত্রত শোচনীয় অৱস্থাৰ সৃষ্টি হৈছে।
বিশেষকৈ জলসিঞ্চনৰ ব্যৱস্থা নথকা অঞ্চলসমূহত কৃষকসকলে হাহাকাৰ কৰিবলগীয়া হৈছে। তদুপৰি কেতবোৰ স্থানত গৰমে জনজীবন বিপর্যস্ত কৰি তুলিছে।






























