US Tariff:✒️ইউক্ৰেইনৰ যুদ্ধ বন্ধ হ’বলৈ সমগ্ৰ বিশ্বই অপেক্ষা কৰিছে। আলাস্কাৰ বৈঠকত কি সিদ্ধান্ত ল’ব ট্ৰাম্প-পুটিনে? সমগ্ৰ বিশ্বই আগ্ৰহেৰে অপেক্ষা কৰিছে। এই পৰিস্থিতিত ভাৰত সম্ভৱতঃ সৰ্বাধিক হেঁচাত পৰিছে।
বৈঠকৰ ফলাফল গম পোৱাৰ আগতেই আমেৰিকাই ভাৰতৰ বিৰুদ্ধে মাত মাতিছে।
আমেৰিকাৰ ‘দাদাগিৰি’ৰ আগত নতশিৰ হোৱা নাই ভাৰত। আমেৰিকাৰ কোষাগাৰ সচিব স্কট বেছাণ্টে জনাইছে, যদি আলাস্কাৰ বৈঠক ফলপ্ৰসূ নহয় তেন্তে ভাৰতৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰিব পাৰে।
ইতিমধ্যে ৰাছিয়াৰ পৰা তেল আমদানিৰ ওপৰত দ্বিতীয় পৰ্যায়ৰ শুল্ক আৰোপ কৰা হৈছে। শুল্ক বৃদ্ধি কৰা হ’ব নে নহয় সেইটো বৈঠকৰ ফলাফলৰ পৰাই নিৰ্ধাৰণ কৰা হ’ব।
শেহতীয়াকৈ ট্ৰাম্পে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছিল।
ইয়াৰ ওপৰিও ৰাছিয়াৰ পৰা তেল আৰু অস্ত্ৰ ক্ৰয়ৰ বাবে আৰু ২৫ শতাংশ আছে। ভাৰতৰ ওপৰত মুঠ শুল্ক এতিয়া ৫০ শতাংশ। ইয়াৰ বিৰোধিতা কৰিছে মোডী চৰকাৰে।
ভাৰত চৰকাৰে এই শুল্কক “অন্যায়, অযুক্তিকৰ আৰু অসামঞ্জস্যপূৰ্ণ” বুলি কৰিছে।
ৱাশ্বিংটনৰ স’তে কেবামাহো ধৰি নতুন দিল্লীয়ে আলোচনাত মিলিত হৈছে। বাৰে বাৰে এটা সমাধানত উপনীত হোৱাৰ চেষ্টা ব্যৰ্থ হৈছে।
চলিত মাহৰ আৰম্ভণিতে শেহতীয়াকৈ হোৱা আলোচনাতো ইয়াৰ সমাধান বিচাৰি উলিয়াব পৰা নাছিল। ৰাছিয়াৰ স’তে ভাৰতৰ বাণিজ্য আৰু অন্যান্য বিষয়ৰ উদ্ধৃতি দি ট্ৰাম্পে আলোচনা বাতিল কৰে।
ৱাশ্বিংটনে দাবী কৰিছে যে ভাৰতে প্ৰকৃততে ইউক্ৰেইনত ৰাছিয়াৰ যুদ্ধৰ বাবে তেল আৰু অস্ত্ৰ ক্ৰয় কৰি পুঁজি আগবঢ়াইছে। শুকুৰবাৰে আলাস্কাত ট্ৰাম্প আৰু পুটিনৰ বৈঠক। মস্কোৰ বিৰুদ্ধে ট্ৰাম্পে নিষেধাজ্ঞা আৰোপ কৰাৰ ভাবুকিয়ে যুদ্ধখন ৰোধ কৰিবনে তাক লৈ অপেক্ষা বিশ্বৰ।






























