Police Service Medal announced:
স্বাধীনতা দিৱস প্ৰাকক্ষণত আৰক্ষী সেৱা পদক ঘোষণা কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ I দেশৰ সৰ্বমুঠ ১,০৯০গৰাকী আৰক্ষীলৈ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰপতি পদক ৷ আনহাতে অসমৰ তিনি গৰাকী দক্ষ আৰক্ষীলৈ আগবঢ়োৱা হৈছে সাহসিকতা পদক ৷ এই বঁটা লাভ কেই গৰাকী হ’ল জ্যেষ্ঠ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপ, হেমন্ত কুমাৰ বড়ো আৰু কনিষ্টবল অখিল ৰঞ্জন দাস ৷
আনহাতে ৰাষ্ট্ৰপতিৰ উৎকৃষ্ট সেৱা পদক লাভ কৰিছে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই ৷ একেদৰে ৰাজ্যৰ ৩৪গৰাকী আৰক্ষীলৈ আগবঢ়োৱা হৈছে বিশিষ্ট সেৱা পদক ৷ প্ৰাপক সকল হ’ল আইজিপি সংযুক্তা পৰাশৰ, বিবেক ৰাজ সিঙ,অসম আৰক্ষী বেটেলিয়নৰ অধিনায়ক জয়শ্রী খেৰছা, দেৱাশিস বৰা, টাবুৰাম পেগু,জ্যেষ্ঠ আৰক্ষী অধীক্ষক হৃদয়জিৎ বর্মন, নোমল মাহাতো ,ডিএছপি নির্মল চন্দ্র বিশ্বাস, সহঃ অধিনায়ক নবীন চন্দ্ৰ শৰ্মা, আৰক্ষী পৰিদৰ্শক ললিত শইকীয়া আৰু ধ্ৰুৱ ছার্কি,আৰক্ষী উপ- পৰিদৰ্শক অখিল কুমাৰ দাস, ৰবীন্দ্ৰ সিনহা ৷






























