Silpukhuri Stabbing Incident: মহানগৰীৰ শিলপুখৰীত ছুৰিকাঘাতৰ ঘটনা,এজনক আটক

silpukhuri

Silpukhuri Stabbing Incident:

নিশা হ’লেই যেন মহানগৰীত সাৰ পাই উঠে অপৰাধীয়ে ৷ আৰক্ষীক একপ্ৰকাৰ চেলেন্স দি অপৰাধীয়ে ইটোৰ পিছত সিটোকৈ সংঘটিত কৰি গৈছে নানান অপৰাধমূলক কাৰ্যকলাপ।

বুধবাৰে নিশা মহানগৰীৰ মাজমজিয়াত পুনৰ সংঘটিত হয় ছুৰিকাঘাতৰ ঘটনা ৷ শিলপুখুৰীৰ ইউৰেকা হাইটচৰ সন্মুখত সম্পর্কীয় এজন লোকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে নিজৰে সম্পৰ্কীয় যুৱক এজনক ৷

বুকুত আঘাতপ্ৰাপ্ত যুৱকজনৰ নাম গুৰু পাথী ৰানা ৷ তেওঁৰ ঘৰ হৈছে দিল্লীত ৷ভাড়াতীয়া হিচাপে আছিল শিলপুখুৰীত ৷ আনহাতে নিশাই ছুৰিকাঘাত কৰা প্রজ্ঞান পৰশক আটক কৰে লতাশিল আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

Exit mobile version