Assam Police BMI Test:
:অসম আৰক্ষীৰ পেটুৱা আৰক্ষী সকলৰ বাবে পুনৰ বিপদঘন্টা ৷ কোন আৰক্ষী কিমান পেটুৱা তাক লৈ পুনৰ আজিৰে পৰা আৰম্ভ হ’ল বিএমআই(BMI) টেষ্ট ।
শনিবাৰে স্বয়ং আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিংসহ শীৰ্ষ আৰক্ষী বিষয়াই কৰিলে বিএমআই(BMI) টেষ্ট। মহানগৰীৰ কাহিলিপাৰাস্থিত অসম আৰক্ষীৰ দশম বেটেলিয়ন চৌহদত আৰম্ভ হোৱা বিএমআই(BMI) টেষ্টৰ সন্মুখীন বহু কেইগৰাকী আৰক্ষী বিষয়া-:জোৱান।
উল্লেখ্য যে অসম আৰক্ষীৰ পেটুৱা আৰক্ষী নিৰূপণৰ বাবে বিগতবৰ্ষৰ পৰাই আৰম্ভ হৈছিল বিএমআই (BMI) টেষ্ট ৷ ইতিমধ্যে কে’বা সহস্ৰাধিক আৰক্ষী- বিষয়া – জোৱান বিএমআই টেষ্টৰ সন্মুখীন হৈছিল ৷ টেষ্টৰ ফলাফলত যিসকলক পেটুৱা বুলি চিহ্নিত কৰা হৈছিল তেওঁলোকক নিজৰ স্বাস্থ্য প্ৰতি যত্ন ৰাখিবলৈ সৰ্ত্তক কৰি দিয়া হয় ৷ পুনৰ টেষ্টত যদি একেই ফলাফল আহে তেনে আৰক্ষীক বিভাগীয় নীতি অনুসৰি ব্যৱস্থা লোৱাৰ ইংগিত দিছিল ডিজিপি কাৰ্যালয়ে ৷
মনকৰিবলগীয়া যে বিগত বৰ্ষত পেটুৱা আৰক্ষীক চাকৰিৰ পৰা বিদায় দিয়াৰ ইংগিত দি ৰাজ্য চৰকাৰে পেটুৱা নিৰূপণৰ বাবে বিএম আই টেষ্টৰ ব্যৱস্থা কৰিছিল ৷
