Jalukbari Theft :মহানগৰীৰ জালুকবাৰীত দিন -দুপৰতে চাঞ্চল্যকৰ ডকাইতি কাণ্ড

grafics

Jalukbari Theft :

মহানগৰ আৰক্ষীক চেলেণ্স দি অপৰাধীয়ে সঘনাই মহানগৰীত ইটোৰ- পিছত সিটোকৈ অব্যাহত ৰখা সন্ত্ৰাসৰ মাজতে পুনৰ দিন-দুপৰতে সংঘটিত হ’ল আন এক ডকাইতি কাণ্ড ৷ সদাব্যস্ত জালুকবাৰীত এজন যুৱকক পিষ্টল দেখুৱাই বাইকত অহা দুই যুৱকে কাঢ়ি নিলে বেগ ৷

কৃষ্ণ দাস নামৰ ভুক্তভোগী যুৱকজনে জানিব দিয়া মতে দুৰ্বৃত্তৰ দলটোৱে তেওঁক প্ৰথমে পিষ্টল দেখুৱাই দাবী কৰিছিল দহ হেজাৰ টকা ৷ দাবী কৰা ধৰনে ধন দিলৈ অপাৰক প্ৰকাশ কৰাত তেওঁ লৈ থকা বেগটো থপিয়াই উধাও হয় ৷ ইতিমধ্যে ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ দুৰ্বৃত্তৰ সন্ধানত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

Exit mobile version