Historian Rafiqul Hussain Baruah passes away:গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি বুৰঞ্জীবিদ ৰফিউল হুছেইন বৰুৱাৰ বিয়োগ

শোক প্ৰকাশ সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ

garia

Historian Rafiqul Hussain Baruah passes away:

বিশিষ্ট বুৰঞ্জীবিদ, আজীৱন জাতীয়তাবাদী, সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি ৰফিউল হুছেইন বৰুৱাৰ কালি নিশা দেহাৱসান হয়। বিশিষ্ট বুৰঞ্জীবিদ তথা সমাজকৰ্মী গৰাকীৰ বিয়োগত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে গভীৰ শোক প্ৰকাশ কৰিছে।

এক শোক বাৰ্তাত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি নুৰুল হক আৰু সাধাৰণ সম্পাদক আৰিফুৰ ৰহমানে গভীৰ শোক প্ৰকাশ কৰি কয় যে আজীৱন জাতীয়তাবাদী শিৱিৰত অৱস্থান কৰা, অসমৰ স্বাৰ্থক লৈ সদা তৎপৰ, অসমৰ ইছলামধৰ্মী খিলঞ্জীয়া জনগোষ্ঠীৰ লোক সকলক পথ প্ৰদৰ্শন কৰা বিশিষ্ট বুৰঞ্জীবিদ, সমাজকৰ্মী গৰাকীৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি।

সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি গৰাকীৰ নিস্বাৰ্থ অৱদানৰ কথা আমি চিৰদিন শ্ৰদ্ধাৰে সুঁৱৰিম। তেখেতৰ বিয়োগত আমি অতিশয় মৰ্মাহত হৈছোঁ আৰু তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। লগতে তেখেতৰ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ আমাৰ সমবেদনা জ্ঞাপন কৰিছোঁ।

Exit mobile version