Two Teenagers Missing in Gabharu River :
গাভৰু নৈত গা ধুবলৈ নামি সন্ধানহীন দুই কিশোৰ ৷ বৰছলাৰ পুঠিমাৰীত সংঘটিত এই মৰ্মান্তিক ঘটনা ৷ সমনীয়া চাৰি কিশোৰ নৈ গা ধুবলৈ আনি দুজন সন্ধানহীন নৈত ৷
শোণিতপুৰ জিলাৰ বৰছলাৰ পুঠিমাৰীত মৰ্মান্তিক ঘটনা ৷ গাভৰু নৈত গাধুবৈ গৈ সন্ধানহীন দুই কিশোৰ৷গাভৰু নৈ সন্ধানহীন পুঠিমাৰী গাওঁৰ তজুন ছেত্ৰী(১৪) কাশীনাথ ছেত্ৰী ৷ ১৫আগষ্টৰ দিনা আগবেলা ভাগত সংঘটিত হৈছিল এই ঘটনা ৷ SDRF বাহিনীৰ দলে উদ্ধাৰ অভিযান চলাইছে যদিও এই শুংসূত্ৰ উলিয়াব পৰা নাই ৷
আজিও ঘটনাস্থলীত SDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলায় ৷ উল্লেখ্য যে চাৰি গৰাকী কিশোৰ গা ধুবলৈ বুলি আহিছিল ব্ৰহ্মপুত্ৰৰ মুখৰ গাভৰু নৈত ৷ দুই কিশোৰে জাপ দিছিল যদিও দুজন পাৰত আছিল ৷ জাপ দিয়া দুই কিশোৰক প্ৰবল সোঁতে উটুৱাই নিলে ৷ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷






























