Thief:এইবাৰ নিশা লংকাৰ আঠ নং ৱাৰ্ডৰ শ্ৰীশ্ৰীকৃষ্ণ চৈতন্য গৌড়ীয় সেৱাশ্ৰমত চোৰে প্ৰৱেশ কৰি মন্দিৰৰ বিগ্ৰহ,ৰাজা কৃষ্ণ,গোপালৰ মূৰ্তি,চালোগ্ৰাম,গিৰিধাৰীৰ মূৰ্তিকে ধৰি সোণ-ৰূপৰ আ-অলংকাৰসহ দানপাত্ৰৰ দক্ষিণা আদি লুটি লৈ যায়।
সেৱাশ্ৰমৰ কৰ্মকৰ্তা সকলে প্ৰকাশ কৰা অনুসৰি নগদ ধনসহ চাৰি লক্ষাধিক টকাৰ সা-সম্পত্তি লুটি নিয়ে চোৰৰ দলে।
ইতিমধ্যে,ঘটনাস্থলীত লংকা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।
উল্লেখ্য যে, প্ৰতিনিশা চোৰৰ উপদ্ৰৱ চলি আছে যদিও চোৰৰ উপদ্ৰৱ ৰোধ কৰাত বিফল হোৱা বিষয়টিক লৈ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকে।
