Narendra Modi:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰবাৰ দেশীয় সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধিৰ কথা কৈছে (Vocal for Local)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্ক যুদ্ধৰ মাজতে মোদীয়ে বাৰে বাৰে ‘আত্মনিৰ্ভৰশীলতা’ৰ কথা কৈছে।
স্বাধীনতা দিৱসৰ দিনা লালকিল্লাৰ পৰাও তেওঁ একেই বাৰ্তা প্ৰদান কৰে।তেওঁ নতুন মন্ত্ৰও স্থাপন কৰিছে।
মোদীয়ে ভাৰতীয় ব্যৱসায়ী আৰু দোকানীসকলক ‘ভ’কেল ফৰ লোকেল’ৰ মন্ত্ৰ মানি চলিবলৈ কয়। ভাৰতত নিৰ্মিত সামগ্ৰী ক্ৰয়ৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। ইয়াৰ দ্বাৰা দেশৰ লাভ হ’ব বুলি দাবী কৰে।এনে সামগ্ৰী কিনিলে টকা ভাৰততে থাকিব! মোডীৰ কথাত “ভাৰতীয় সামগ্ৰীৰ ওপৰত বিশ্বাস ৰাখক।”
দিল্লীৰ এক অনুষ্ঠানত মোডীৰ ভাষণৰ এক বৃহৎ অংশ ঘৰুৱা সামগ্ৰীৰ ওপৰত নিবেদিত আছিল। তেওঁৰ কথাত,” আপুনি যদি ভাৰতীয় হয় তেন্তে কেৱল ভাৰতত নিৰ্মিত সামগ্ৰীহে কিনিব।’ ইয়াৰ পাছতে মোডীৰ আহ্বান, “মই ক’ব বিচাৰো, ‘ভ’কেল ফৰ লোকেল’ৰ মন্ত্ৰ অনুসৰণ কৰি আমাক সমৰ্থন কৰক।”
কেন্দ্ৰৰ একাধিক সূত্ৰই জনাইছে যে ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ মূল বাধা হৈছে কৃষি আৰু দুগ্ধজাত সামগ্ৰীৰ ক্ষেত্ৰত দুয়োখন দেশৰ একমত হ’ব নোৱাৰাটো।
আমেৰিকাই বিচাৰে ভাৰতে তেওঁলোকৰ বাবে কৃষিজাত সামগ্ৰী, গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ বজাৰ সম্পূৰ্ণৰূপে মুকলি কৰা।
কিন্তু নতুন দিল্লী সেই কথাত সন্মত নহয়। যদিও নতুন দিল্লী আৰু ৱাশ্বিংটনৰ মাজত বাণিজ্যিক চুক্তিৰ আলোচনা চলি আছে, তথাপিও ইতিমধ্যে ভাৰতৰ ওপৰত দুটা পৰ্যায়ত মুঠ ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে।
লগতে তেওঁ জনাইছে, যদি শুল্ক সন্দৰ্ভত আলোচনা নহয়, তেন্তে বাণিজ্যিক চুক্তিৰ কোনো কথাই নাই! তেতিয়াৰ পৰাই মোদীয়ে বাৰে বাৰে ‘ভ’কেল ফৰ লোকেল’ৰ কথা কৈছে।
