২২ আগষ্টত পুটিন-জেলেনস্কিৰ মুখামুখি বৈঠক! 

MOdi road 1

Donald Trump: ✒️ড’নাল্ড ট্ৰাম্প আৰু ভ্লাদিমিৰ পুটিনৰ বৈঠকৰ পাছত ৰাছিয়া- ইউক্ৰেইন যুদ্ধবিৰতিৰ লক্ষ্যত তৎপৰতা আৰম্ভ। অহা ১৮ আগষ্টত অনুষ্ঠিত হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ বৈঠক।

প্ৰাপ্ত তথ্য অনুসৰি,তিনি বছৰীয়া যুদ্ধৰ অন্ত পেলাবলৈ মুখামুখিকৈ সাক্ষাৎ কৰিবলৈ ওলাইছে পুটিন আৰু জেলেনস্কিয়ে। ২২ আগষ্টত হ’ব এই বৈঠক।য’ত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ৰেফাৰীৰ ভূমিকা পালন কৰিব।

ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থা টাছে আমেৰিকাৰ ৱেব পৰ্টেল এক্সিয়াছৰ এক প্ৰতিবেদনৰ উদ্ধৃতি দি ত্ৰিপাক্ষিক বৈঠকৰ বিষয়ে তথ্য প্ৰকাশ কৰিছে, য’ত দাবী কৰা হৈছে যে আলাস্কাত পুটিনৰ স’তে সাক্ষাৎ কৰাৰ পাছত ট্ৰাম্পে জেলেনস্কিক ফোন কৰিছে।

তাতে ৰাছিয়াৰ এই প্ৰস্তাৱ জেলেনস্কিৰ ওচৰলৈ প্ৰেৰণ কৰা হয়। ইয়াৰ উপৰিও ব্ৰিটেইন, জাৰ্মানী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতিসকলকো ফোন কৰি বিতং তথ্য প্ৰদান কৰা হয়।

য’ত পুটিনে কয় যে ২২ আগষ্ট শুকুৰবাৰে পুটিন আৰু জেলেনস্কিৰ স’তে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হ’ব।

কিন্তু সেই বৈঠক কেতিয়া আৰু ক’ত হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই আৰু পুটিন আৰু জেলেনস্কিক একেখন টেবুললৈ অনা সম্ভৱ হ’ব নেকি সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হৈছে।

Exit mobile version