Alaska:✒️ভাৰতৰ বাবেও বিশেষ তাৎপর্য বহন কৰা মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প আৰু ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনৰ আলাস্কা আলোচনা অমীমাংসিতভাৱে অন্ত পৰিল। ভাৰতীয় সময় অনুসৰি শুকুৰবাৰে গভীৰ নিশা পাঁচ ঘণ্টা ধৰি দুই ৰাষ্ট্ৰনেতাৰ মাজত মুখামুখি আলোচনা অনুষ্ঠিত হয়।
আলোচনাত ইউক্রেইন যুদ্ধৰ পৰা আৰম্ভ কৰি সাম্প্ৰতিক অৱস্থাৰ বহুসংখ্যক প্রসংগই ঠাই পায়। অৱশ্যে ট্রাম্প আৰু পুটিন উভয়ে এই আলোচনা ফলপ্রসূ হোৱা বুলি দাবী কৰিছে। এনে অৱস্থাতে হোৱা চর্চা অনুসৰি ট্রাম্প-পুটিনৰ এই আলোচনাত চূড়ান্ত সমাধান সূত্র নোলাল।
তাৰ পৰিৱৰ্তে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ জেলেনস্কিৰ ক’ৰ্টলৈ বল ঠেলি দিয়া হয়। অৱশ্যে দুই ৰাষ্ট্ৰষ্ট্রপ্রধানে ইংগিত দিছে যে তেওঁলোকে পৰস্পৰৰ মাজৰ সম্পৰ্ক অধিক মজবুত কৰিবলৈ আগ্রহী। এই আলোচনাৰ পাছত এখন যুটীয়া সংবাদমেলত ট্রাম্পে কয় যে তেওঁৰ ৰাছিয়াৰ ওপৰত কঠোৰ আৰ্থিক নিষেধাজ্ঞা জাৰি কৰাৰ চিন্তা-ভাবনা কৰিছিল যদিও সেই পৰিকল্পনা আপাতত স্থগিত ৰাখিবলৈ বিচাৰিছে। ইয়াৰ কাৰণ হৈছে পুটিনৰে তেওঁৰ আলাস্কা বৈঠক ফলপ্রসূ হৈছে।
সংবাদমেলত ট্রাম্পে আৰু কয়, ‘আগন্তুক দুই-তিনি সপ্তাহ পৰিস্থিতি লক্ষ্য ৰখা হ’ব। তাৰ পাছতহে শুল্ক-আর্থিক নিষেধাজ্ঞাৰ বিষয়ে বিচাৰ-বিবেচনা কৰা হ’ব।’ পুটিনক প্রশংসা কৰি ট্রাম্পে লগতে কয় যে আৰু বহু মানুহৰ মৃত্যু কছ ৰাষ্ট্ৰপতিয়ে নিবিচাৰে। পুটিনে তেওঁক প্রশংসা কৰা বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিজনে কয়, ‘তেওঁ (পুটিনে) মোক ক’লে যে পূর্বে কেতিয়াও অতি কম সময়ত এনে দ্রুততৰে কাম-কাজ কৰা কাকো দেখা নাই। আপোনাৰ দেশ (আমেৰিকা যুক্তৰাষ্ট্ৰ) -এ অনেক কাম কৰিছে বুলিও ক’লে। লগতে তেওঁ ক’লে যে আমাৰ দেশ দ্রুত গতিত আগবাঢ়িছে। কিন্তু এবছৰ আগতে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰ শেষ হোৱা বুলি ভাবিছিল বুলিও কয়।’
ট্রাম্পে লগতে কয় যে পুটিনে আমেৰিকা যুক্তৰাষ্ট্ৰক পিষ্টলৰ গৰম নলীৰ স’তে তুলনা কৰে। বৈঠকত ট্রাম্পে পুটিনক অৱগত কৰে যে সম্প্ৰতি পৰিস্থিতি ইউক্রেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ ওপৰত নিৰ্ভৰ কৰিছে। পুটিনৰ বৈঠকত বহু বিষয়ত দুয়োপক্ষ সহমতত উপনীত হয় বুলিও ট্রাম্পে সদৰী কৰে। আনহাতে, সংবাদমেলত পুটিনে কয় যে ট্রাম্পৰে তেওঁৰ বৈঠকৰ অধিকাংশ সময় ইউক্রেইন সংকট কেনেদৰে দূৰ কৰিব পাৰি তাক লৈ আলোচনা হয়।
এই বৈঠক সম্পর্কত তেওঁ আৰু কয়, ‘পৰিস্থিতি সলনি কৰাৰ প্ৰয়োজন আছে। সংঘৰ্ষৰ আচল কাৰণ ট্রাম্পে জানে। সেয়েহে তেওঁ পৰিস্থিতি সলনি কৰাৰ চেষ্টা কৰিছে।’ এই সমস্যাৰ দ্রুত সমাধান হ’ব বুলিও ৰুছ ৰাষ্ট্ৰপতিজনে আশা প্রকাশ কৰে। পুটিনে কয় যে সুমেৰু অঞ্চলত দুয়োখন দেশৰ বাবে বিনিয়োগৰ অনেক সুযোগ আছে। এই সম্ভাৱনাক বাস্তৱায়িত কৰিবলৈ দুয়োখন দেশে আগ্রহ প্রকাশ কৰা বুলিও তেওঁ জনায়।
লক্ষ্যণীয় যে সংবাদমেলত পুটিনে আগবঢ়োৱা বক্তব্যক গভীৰ আখ্যা দিয়ে ট্রাম্পে। সংবাদমেলত সামৰণিত পুটিনে ট্রাম্পৰ মন্তব্যৰ সঁহাৰি দি ভাষা সলনি কৰি ইংৰাজীত কয়, ‘পৰৱৰ্তী সময় মস্কোত।’
ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিলে: ট্রাম্প পুটিনৰে বৈঠকৰ পাছত ট্রাম্পে এটা মার্কিন সংবাদ প্রতিষ্ঠানৰ স’তে হোৱা সাক্ষাৎকাৰত ইংগিত দিয়ে যে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত আৰোপ কৰিবলৈ লোৱা ২৫ শতাংশ শুল্ক জৰিমনা তেওঁ বলবৎ নকৰিব পাৰে। ভাৰতীয় সামগ্রীত ২৫ শতাংশ সমানুপাতিক শুল্ক আৰোপ কৰাৰ পাছতে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্রয় বন্ধ কৰিছে বুলি ট্রাম্পে দাবী কৰে।
ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁ ভাৰতীয় সামগ্রীত জৰিমনামূলক অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ নকৰাৰ ইংগিত দিছে। উল্লেখ্য যে ট্রাম্পে ঘোষণা কৰা অনুসৰি অহা ২৭ আগষ্টৰ পৰা ভাৰতীয় সামগ্রীত এই অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ হোৱাৰ কথা আছে। ফলত ভাৰতীয় সামগ্ৰীত ট্রাম্প প্রশাসনে আৰোপ কৰা শুল্কৰ পৰিমাণ উক্ত দিনাৰ পৰা ৫০ শতাংশ হোৱাৰ সম্ভাৱনা আছে।
এনে অৱস্থাতে ট্রাম্পে কয়, ‘তেওঁ (পুটিন) এক তেল ক্রেতা হেৰুৱালে, এই তেল ক্রেতা হৈছে ভাৰত। দেশখনে ৪০ শতাংশ তেল ক্রয় কৰে। চীনে অধিক ক্রয় কৰে আৰু তেল ক্রয় কৰা আন একাংশ দেশো আছে।’ অৱশ্যে ট্রাম্পৰ এই দাবী সম্পৰ্কত বাতৰি লিখা পৰলৈকে নতুন দিল্লীয়ে প্রতিক্রিয়া প্রকাশ কৰা নাই। উল্লেখ্য যে পুটিনৰে ট্রাম্পৰ আলোচনা ব্যর্থ হ’লে ভাৰতৰ ওপৰত অধিক শুল্ক আৰোপৰ হুংকাৰ দিছিল মার্কিন প্রশাসনৰ শীর্ষ বিষয়াই।
থ্রী অন থ্রী ফর্মেটত বৈঠক!
ট্রাম্প আৰু পুটিনৰ এই বহুচর্চিত বৈঠক অনুষ্ঠিত হোৱা আলাস্কা একালত ৰাছিয়াৰ অধীনত আছিল। ১৮৬৭৩ আর্থিক সংকটৰ বাবে তদানীন্তন কছ শাসক জাবে এই ভূমি মার্কিন যুক্তৰাষ্ট্ৰক সস্তাতে বিক্ৰী কৰে। প্রদেশখনৰ এংক’ৰেজ চহৰৰ নিকটবর্তী মার্কিন সেনা ঘাটি ‘জইন্ট বেছ এলমেনড’ফ-বিছাৰ্ডছনত ভাৰতীয় সময়মতে শুকুৰবাৰে গভীৰ নিশা অনুষ্ঠিত ট্রাম্প-পুটিনৰ এই বৈঠকক লৈ আশাত বন্দী হৈ থাকে কছ ৰাষ্ট্ৰপতি কার্যালয়।
ৰুছ ৰাষ্ট্ৰপতি কার্যালয়ে ট্রাম্প-পুটিনৰ এই বৈঠক ছয়-সাত ঘণ্টা ধৰি চলিব বুলি আশা কৰিছিল যদিও মূল বৈঠক তিনি ঘণ্টাৰ বাবেহে অনুষ্ঠিত হয়। অৱশ্যে খাদ্যগ্রহণকে ধৰি বৈঠকখন মোটামুটিভারে পাঁচ ঘণ্টা ধৰি অনুষ্ঠিত হয়। মার্কিন সামৰিক ঘাটিত অনুষ্ঠিত এই বৈঠকত দুই ৰাষ্ট্ৰপতিৰ মাজত এক বিশেষ ৰূপত সম্পন্ন হয়।
কূটনৈতিক ভাষাত এনে আলোচনাক ‘থ্রী অন থ্রী’ ফর্মেট বৈঠক বুলি কোৱা হয়। এই বৈঠকত ট্রাম্পে মার্কিন বৈদেশিক সচিব মার্ক’ কবিঅ’ আৰু ৰাষ্ট্ৰপতিৰ বিশেষ প্রতিনিধি ষ্টীভ উইটক’ভৰ স’তে অংশগ্রহণ কৰে। একেদৰে পুটিনে কছ বৈদেশিক মন্ত্রী ছার্গেই লাভৰ’ভ আৰু ৰুছ ৰাষ্ট্ৰপতি ভৱনৰ ৰাষ্ট্ৰপতিৰ সহকাৰী যুৰি উছাক’ভৰ স’তে বৈঠকত অংশগ্রহণ কৰি ট্রাম্পৰ স’তে আলোচনাত মিলিত হয়।
এই আলোচনাক অত্যন্ত ইতিবাচকৰূপে অভিহিত কৰিছে ৰুছ ৰাষ্ট্ৰপতি ভৱনৰ মুখপাত্র ডিমিট্রি পেছক’ভে। উল্লেখ্য যে ট্রাম্প-পুটিনৰ এই আলোচনাত ৰাছিয়া-ইউক্রেইনৰ যুদ্ধবিৰতি চৰ্তৰূপে ভূমি হস্তান্তৰ বা বিনিময় প্ৰস্তাৱ ৰুছ ৰাষ্ট্ৰপতিয়ে উত্থাপন কৰিব বুলি জল্পনা-কল্পনা কৰি আছিল।
কাৰণ কিছুমাহ পূর্বে পুটিনে ৰুছ ৰাষ্ট্ৰপতি কার্যালয়ক জনায় যে ইউক্রেইনৰ মানচিত্ৰ সলনিৰ মাধ্যমৰে শান্তিৰ পথ মুকলি হ’ব পাৰে। তৎসত্ত্বেও পাছত সংবাদমেলত ট্রাম্পে ৰাছিয়া-ইউক্রেইনৰ মাজত শীঘ্রে যুদ্ধবিৰতি হ’ব পাৰে বুলি আশা প্রকাশ কৰে। অর্থাৎ আলোচনাত ভূমি বিনিময়ৰ প্ৰসংগ উত্থাপন নহ’ল। ৰাছিয়া-ইউক্রেইনৰ মাজত যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ হ’লে এই চুক্তিত যুদ্ধ বন্দী বিনিময় বিষয়টোও অন্তর্ভুক্ত হ’ব পাৰে বুলি ট্রাম্পে ইংগিত দিয়ে।
আনহাতে, পুটিনে মন্তব্য কৰে যে ২০২২ৰ ফেব্ৰুৱাৰীত হোৱাইট হাউছত ট্রাম্প থকা হ’লে যুদ্ধ (ইউক্রেইন যুদ্ধ) আৰম্ভ কৰাৰ প্ৰয়োজন নহ’লহেঁতেন। আজি দুয়োজনে সম্বোধন কৰা যুটীয়া সংবাদমেল প্রায় ১২.৫ মিনিট ধৰি অনুষ্ঠিত হয়। ইয়াৰে অধিকাংশ তথা ৭০ শতাংশ সময় বক্তব্য আগবঢ়ায় পুটিনে।
ইয়াৰ পূৰ্বৰে পৰা পুটিনৰ চালচলনত যথেষ্ট আত্মবিশ্বাসী যেন বোধ হয়। বিমানৰ পৰা নমাৰ পাছত এফ-২২ যুদ্ধবিমানে জনোৱা আদৰণিৰ মাজত তেওঁ বেড কার্পেটত খোজ পেলায়। তেতিয়া তেওঁক হাত চাপৰিৰে সম্ভাষণ জনায় ট্রাম্পে। দুয়োৱে কৰমৰ্দন কৰাৰ সময়ত পুটিনে মিচিকীয়া হাঁহি মাৰে। তাৰ পাছতে উপস্থিতসকলক আচৰিত কৰি তেওঁ ট্রাম্পৰ স’তে একেখন গাড়ী (কেডিলাক লিমুজিন)ত উঠি বৈঠকস্থলীলৈ ৰাওনা হয়।
অথচ ৰুছ ৰাষ্ট্ৰপতিজনৰ বাবে এখন সুকীয়া গাড়ীৰ ব্যৱস্থা কৰা হৈছিল। মার্কিন ৰাষ্ট্ৰপতিৰ কেডিলাক লিমুজিন গাড়ীখনক চৰকাৰী ভাষাত ‘দ্য বীষ্ট’ বুলি কোৱা হয়। আনহাতে, বেড কার্পেট পাৰি পুটিনক মার্কিন প্রশাসনে আদৰণি জনোৱা কাৰ্যই ৰাছিয়াৰ জয় সূচোৱা বুলি একাংশই মন্তব্য কৰিছে। এইসকলৰ মতে ৰাষ্ট্ৰপতিদ্বয়ৰ মুখামুখি আলোচনাত ট্রাম্পে ৰাছিয়া-ইউক্রেইনৰ যুদ্ধবিৰতিৰ প্ৰসংগ উত্থাপনেই নকৰিলে।






























