থিয়েটাৰ প্ৰদৰ্শনৰ নামত চৰকাৰী বিদ্যালয়ৰ ব্যৱহাৰ বন্ধ কৰাৰ দাবী

images 4 8

Theatre:✒️ৰাজ্যত এতিয়া ভ্রাম্যমাণ থিয়েটাৰৰ বতৰ। বিভিন্ন প্রতিকূল পৰিৱেশৰ মাজত যথেষ্ট প্রত্যাহ্বান সম্মুখত লৈ ভ্রাম্যমাণ নাট্যদলসমূহৰ দুই-এটাই ইতিমধ্যে ২০২৫-২৬ৰ নাট্যযাত্ৰা আৰম্ভ কৰিছে। বাকী অধিকাংশ নাট্যদলে ছেপ্টেম্বৰৰ প্ৰথম আৰু দ্বিতীয় সপ্তাহৰ পৰা নাট্যযাত্ৰা আৰম্ভ কৰিব।

কিন্তু এইখিনি সময়তে চৰকাৰী বিদ্যালয়ৰ একাংশ অভিভাবক, ছাত্র-ছাত্রী আৰু সচেতন লোকে জিলা আযুক্তসকলক আহ্বান জনাইছে ভ্রাম্যমাণ থিয়েটাৰ প্ৰদৰ্শনৰ নামত চৰকাৰী বিদ্যালয়ৰ ব্যৱহাৰ বন্ধ কৰক।

আনকি আছু, যুৱ-ছাত্ৰ পৰিষদেও শৈক্ষিক ক্ষেত্রত আঁচ নপৰাকৈ পৰিচালিত হওঁক থিয়েটাৰ বুলি গুরুত্বপূর্ণ আহ্বান জনোৱাৰ লগতে সংস্কৃতি ৰক্ষাৰ নামত ছাত্র-ছাত্রীৰ শিক্ষা গ্রহণ বাধাগ্রস্ত হোৱাটো বন্ধ কৰা উচিত বুলি গুরুত্বপূর্ণ মন্তব্য প্রকাশ কৰিছে।

যুৱ-ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতিৰ উপদেষ্টা ব্রজেন চৌধুৰীয়ে এই বুলি মন্তব্য প্রকাশ কৰিছে ‘স্কুলৰ পাঠদান বন্ধ কৰি ভ্ৰাম্যমাণ থিয়েটাৰৰ অনুষ্ঠান ৰূপায়ণ কৰাটো উচিত নহয়। কলা-কুশলীসকলৰ থকাৰ বাবে বিকল্প ব্যৱস্থা কৰা উচিত। সংস্কৃতি ৰক্ষাৰ নামত ছাত্ৰ-ছাত্ৰীৰ শিক্ষা গ্রহণ বাধাগ্রস্ত হোৱাটো বন্ধ কৰা উচিত।’

আনহাতে, আছুৰ নলবাৰী জিলা সমিতিৰ শিক্ষা সম্পাদক বিশ্বজিৎ বৰুৱাই কয়, ‘বর্তমান ভ্রাম্যমাণ থিয়েটাৰৰ বতৰ। ভ্রাম্যমাণ থিয়েটাৰসমূহে নিজৰ নিজৰ কাৰিকৰী কৌশলৰে ৰাইজৰ মাজলৈ যাবলৈ সাজু হৈছে। ঠিক তেনে সময়তে কিছু কথাই ছাত্র-ছাত্রী, অভিভাৱকৰ লগতে আমাকো উদ্বিগ্ন কৰি তুলিছে। যিহেতু ভ্রাম্যমাণ থিয়েটাৰসমূহ বিশেষকৈ সামাজিক অনুষ্ঠানসমূহে দুই বা তিনিদিনৰ বাবে আমন্ত্রণ জনায়, সেই সময়খিনিত যিসমূহ অনুষ্ঠানে বিদ্যালয় বন্ধ ৰাখি থিয়েটাৰ পৰিচালনা কৰিব লগা হয় সেই সময়ত ছাত্র-ছাত্রীসকলে বিদ্যায়তনিক ক্ষেত্রত যথেষ্ট অসুবিধাৰ সম্মুখীন হয়। সেয়েহে আমাৰ সকলো কর্তৃপক্ষলৈ আহ্বান জাতীয় স্বাভিমান থিয়েটাৰসমূহো কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ চলি থাকক আৰু ছাত্ৰ-ছাত্ৰীসকলৰো কোনো ধৰণৰ শৈক্ষিক ক্ষেত্ৰত আঁচ নপৰাকৈ পৰিচলনা হওঁক।’

লক্ষ্যণীয় যে ভ্রাম্যমাণ থিয়েটাৰৰ নাট প্ৰদৰ্শন আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যৰ অন্যান্য অঞ্চলৰ লগতে নলবাৰী জিলাৰ হেলোচা, দাহুদি, বৰী, সাহপুৰ, বিহামপুৰ, কৈঠালকুছি, জাগাৰা, বেলশৰ, ককয়া, মুকালমুৱা, বৰতলা, ঘগ্ৰাপাৰ আল্লিয়া, মৰোৱা, বিজুলীঘাট, কমাৰকুছি, লখোপুৰ আদিকে ধৰি বিভিন্ন অঞ্চলৰ ২০ৰো অধিক চৰকাৰী স্কুলৰ পাঠদান বাধ্যগ্ৰস্ত হয়। ইয়াৰ কোনোবাখনত যদি নাট্যদলসমূহৰ শিল্পী, কলা-কুশলীৰ থকা ব্যৱস্থা কৰা হয়, আন কোনোবাখনৰ চোতালত নাট প্রদৰ্শন কৰা হয়। যাৰ বাবে বিদ্যালয়ৰ পাঠদান নিয়মীয়া কৰাত ব্যাঘাত জন্মে।

ইপিনে, একাংশ অভিভাৱকে অভিযোগ তুলিছে যে চৰকাৰী স্কুলৰ সাহায্যার্থে ভ্রাম্যমাণ থিয়েটাৰ আমন্ত্ৰণ কৰা নহয়। তাৰ বিপৰীতে কিছুসংখ্যক ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান, ক্লাব, সংঘ, স্বেচ্ছাসেৱী অনুষ্ঠান, ধর্মীয় অনুষ্ঠান আদিৰ সাহায্যার্থেহে আমন্ত্ৰণ কৰা হয়। তদুপৰি ইয়াৰ যিসমূহ আহ্বায়ক সমিতি থাকে, তাৰ অধিকাংশ বিষয়ববীয়া, সদস্যৰে ল’ৰা-ছোৱালী চৰকাৰী স্কুলত নপঢ়ে। গতিকে ইয়াৰ বোজা কিয় জাপি দিয়া হয় চৰকাৰী স্কুলৰ শিক্ষাৰ্থীৰ ওপৰত?’

আনহাতে, এই ক্ষেত্রত বিদ্যালয় প্রধান আৰু শিক্ষা বিভাগৰ বি লক্ষ্যণীয় অক্ষমতা প্রকাশ কৰিছে। জিলা আৰু খণ্ড পৰ্যায়ৰ কে’বাজনো বি প্ৰকাশ কৰা মতে, এই ক্ষেত্রত জিলা প্রশাসনৰ হস্তক্ষেপ প্রত্যক্ষ। জিলা প্রশাসনে নিজস্বভাৱে অনুমতি প্রদান কৰাৰ পাছত সংশ্লিষ্ট শিক্ষা বিষয়াৰ হস্তক্ষেপ নচলে।

গতিকে এনে অনুমতি সংক্ৰান্তত জিলা আযুক্তৰ ভূমিকাই চূড়ান্ত। ইপিনে, জিলা আয়ুক্তই এই ক্ষেত্রত কি ভূমিকা লয় সেয়া নিঃসন্দেহে লক্ষ্যণীয় হ’ব।

Exit mobile version