Accident:✒️বকোৰ বামুণীগাঁও ৰে’ল ষ্টেচনৰ সমীপত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। ৰে’লৰ খুন্দাত একেলগে তিনি গৰাকী মহিলাৰ মৃত্যু। মৃত্যু-উত্তৰা দাস (৫০),ৰুমী দাস (৩৫) আৰু কৰৱী মালী (৩৫)ৰ আটাইকেইগৰাকীৰ ঘৰ বকোৰ ২ নং ছাটাবাৰীত।
প্ৰাতঃভ্ৰমণলৈ গৈ সংঘটিত হয় এই অঘটন। বামুণীগাঁও ৰে’ল ষ্টেচনৰ NN 240 গেটৰ সমীপত এই অঘটন। একে সময়তে দুখন ৰে’লে অতিক্ৰম কৰিছিল সেই স্থান।
উজনিমুৱা পুৰী এক্সপ্ৰেছ ১৫৬৪৩ আৰু নামনিমুৱা এন এম জি মালবাহী ৰে’ল দুখন একেলগে ক্ৰছিঙ কৰা সময়ত দুৰ্ঘটনা সংঘটিত হয়।
গুৱাহাটীমুৱা পুৰি এক্সপ্ৰেছৰ খুন্দাত নিমিষতে ছিন্ন-ভিন্ন হয় মহিলা তিনিওগৰাকীৰ দেহ।
উল্লেখ্য যে, বৰ্তমানলৈ সেই স্থানত ২০ গৰাকীকৈ পুৰুষ-মহিলাৰ ৰে’লৰ খুন্দাত মৃত্যু হৈছে।
কামাখ্যা-যোগীঘোপা ৰে’লপথত এই অঘটন। ঘটনাস্থলীত উপস্থিত বকো আৰক্ষী,ৰে’ল আৰক্ষীৰ লোক।
