Mumbai Rains:✒️শনিবাৰৰ পৰা হোৱা বৰষুণৰ ফলত বিধ্বস্ত মুম্বাই। সোমবাৰেও অব্যাহত আছে বাণিজ্যিক মহানগৰীৰ বৰষুণ। ধাৰাসাৰ বৰষুণৰ ফলত মুম্বাই পৌৰ নিগমে মহানগৰীৰ সকলো বিদ্যালয়-মহাবিদ্যালয়ত বন্ধ ঘোষণা কৰিছে ।
বিভিন্ন অঞ্চলত পানী জমা হৈ পৰিস্থিতি ভয়াৱহ হৈ পৰিছে।ভাৰতৰ বতৰ বিজ্ঞান বিভাগে মুম্বাইত ধাৰাসাৰ বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে।
পানী জমা হোৱাৰ ফলত মহানগৰীৰ বহু ঠাইত যান-জঁটৰ সৃষ্টি হৈছে, যাৰ ফলত যাতায়তৰ অসুবিধাৰ সৃষ্টি হৈছে।
বৃহনমুম্বাই পৌৰ নিগমৰ পৰা যিকোনো দুৰ্যোগৰ স’তে মোকাবিলা কৰিবলৈ সজাগ আৰু সাজু হৈ থাকিবলৈ নিৰ্দেশ দিছে।
যান-জঁটত যাতে নাগৰিক জীৱনত ব্যাঘাত জন্মাব নোৱাৰে তাৰ বাবে মুম্বাই আৰক্ষীয়ে কঠোৰ পৰিশ্ৰম কৰি আছে। পৰিস্থিতি পৰিচালনাৰ বাবে মুম্বাইৰ ৰাজপথত বহু আৰক্ষী জোৱান মোতায়েন কৰা হৈছে।সমগ্ৰ বিষয়টো বিষয়াসকলে দৃষ্টি দিছে।
নাগৰিকসকলক অপ্ৰয়োজনীয়ভাৱে বাহিৰলৈ ওলাই নাযাবলৈ আৰু প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈও পৰামৰ্শ দিয়া হৈছে।
কৰ্তৃপক্ষই জনোৱা মতে, যিকোনো সহায় বা তথ্যৰ বাবে বৃহনমুম্বাই পৌৰ নিগমেও ১৯১৬ নং হেল্পলাইন নম্বৰত যোগাযোগ কৰিবলৈ পৰামৰ্শ দিছে।
বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি চেম্বুৰৰ টাটা পাৱাৰ এলেকাত সৰ্বাধিক বৰষুণ হৈছে। ইয়াৰ উপৰিও ভিখৰোলি, জুহু, ছিয়ন, বান্দ্ৰা, চান্টাক্ৰুজ, আৰু কোলাবাতো প্ৰচণ্ড বৰষুণৰ হৈছে।
বৰষুণৰ ফলত মুম্বাইৰ ছাত্ৰপতি শিৱাজী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰতো ক্ষতিগ্ৰস্ত হৈছে। কৰ্তৃপক্ষই যাত্ৰীসকলক ঘৰৰ পৰা ওলোৱাৰ পূৰ্বে বিমানৰ অৱস্থা পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে। বিভিন্ন অঞ্চলত পানী জমা হোৱাৰ বাবে বিমানবন্দৰলৈ যাবলৈ বহু সময় লাগিছে।
লগতে বিমানবন্দৰটোৱে যাত্ৰীসকলক পৰ্যাপ্ত সময়সহ যাত্ৰা কৰিবলৈ অনুৰোধ জনাইছে।






























