অহা ন ছেপ্টেম্বৰত অনুষ্ঠিতব্য দেশৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিজেপি নেতৃত্বাধীন এনডিএৰ প্রার্থী হ’ব মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণ। কালি বিজেপিৰ সভাপতি তথা কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নড্ডাই এই কথা ঘোষণা কৰে।
উল্লেখ্য যে যোৱা ২১ জুলাইত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে স্বাস্থ্যজনিত অজুহাতত আকস্মিকভাবে পদত্যাগ কৰাত উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন অৱশ্যম্ভাৱী হৈ পৰে।
নির্বাচন আয়োগে অহা ন ছেপ্টেম্বৰৰ দিনটোক উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন ঠাৱৰ কৰিছে। আজি এনডিএৰ উপ-ৰাষ্ট্ৰপতি প্ৰাৰ্থীৰ নাম ঘোষণা কৰি বিজেপি সভাপতি নড্ডাই কয় যে প্রার্থীজনৰ পক্ষত সহমত সৃষ্টিৰো চেষ্টা কৰা হ’ব।
এই উদ্দেশ্যে বিৰোধী ‘ইণ্ডিয়া’ৰ স’তে আলোচনাত মিলিত হ’ব বুলি তেওঁ সামাজিক মাধ্যমত প্রকাশ কৰিছে। উল্লেখ্য যে মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰূপে কাৰ্যনিৰ্বাহ কৰি থকা চি পি ৰাধাকৃষ্ণণ এজন অভিজ্ঞ ৰাজনীতিকো।
পূর্বে তেওঁ তামিলনাডুৰ কইম্বাটোৰৰ পৰা লোকসভালৈ সাংসদ নির্বাচিত হৈছিল। এবাৰ তেওঁ বস্ত্ৰৰ সংসদীয় স্থায়ী সমিতিৰ মুৰব্বীৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল। ঝাৰখণ্ডৰ ৰাজ্যপালৰূপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে তেওঁ এবছৰ পূৰ্বে মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰূপে নিযুক্তি লাভ কৰে।
উল্লেখ্য যে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত সংসদৰ উভয় সদনৰ সদস্যবৰ্গই অংশগ্ৰহণ কৰে। উপ-ৰাষ্ট্ৰপতিৰ বাবে ৰাধাকৃষ্ণণ সম্পূর্ণ যোগ্য বুলি শাসকীয় পক্ষই মন্তব্য কৰিছে। অৱশ্যে আগন্তুক উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত প্রার্থী বিৰোধী ‘ইণ্ডিয়া’ই থিয় কৰাব নে নাই সেয়া বাতৰি লিখা পৰলৈ স্পষ্ট হোৱা নাই।






























