Abdominal pain in children:✒️আপুনি হয়তো দেখিছে যে ঘৰৰ শিশুটিয়ে প্রায়েই পেট বিযোৱাৰ কথা কয়। খাবলৈ মন নকৰে। প্ৰত্যেক ঘৰৰ শিশুৰে যেন এখন পৰিচিত ছবি। অৱশ্যে প্রত্যেক শিশুৰ পেটৰ বিষৰ অনুভৱ আৰু সহ্যক্ষমতা ভিন্ন ধৰণৰ।
দীর্ঘদিন ধৰি পেটৰ বিষৰ মূল্যায়নত কেতিয়াবা হতাশাই দেখা দিয়ে। কোনো কাৰণৰহিত পেটৰ বিষৰ তীব্ৰতা আৰু অস্বস্তি, অসুখৰ কাৰণে যি পেটৰ বিষ হয় তাৰ অনুৰূপ হ’ব পাৰে। শিশুটিৰ সামগ্রিক অৱস্থা বিবেচনা কৰি সঠিক চিকিৎসা প্রদানৰ স্বাৰ্থতে দুই ধৰণৰ বিষৰ পাৰ্থক্য নির্ণয় কৰাটো জৰুৰী। বিষৰ চৰিত্ৰৰ ধৰণ নির্দিষ্ট হ’লে সেয়া কোনো সুনির্দিষ্ট ৰোগৰ কাৰণে হোৱাৰ আশংকা থাকে।
আনহাতে, যি বিষৰ স’তে কোনো ৰোগৰ সম্পৰ্ক নাথাকে, সেই ধৰণৰ বিষৰ কোনো নির্দিষ্ট তাল বা নিয়ম নাথাকে আৰু সেইবোৰ ক্ষেত্রত শিশুটি স্বাভাবিক নিয়মেৰেই ডাঙৰ হৈ থাকে।
অকাৰণত পেটৰ বিষ
দুইৰ পৰা ১০ বছৰ বয়সীয়া শিশুৰ ক্ষেত্ৰত সঘনাই পেটৰ বিষ প্রায় ৯০ শতাংশ কোনো অসুখ অবিহনেই হয়; যাক ‘ফাংচনেল এবড’মিনেল পেইন’ বুলি কোৱা হয়।
এই ধৰণৰ বিষৰ কোনো নির্দিষ্ট চৰিত্ৰ নাই। ক’ত বিষাইছে বুলি সুধিলে শিশুটিয়ে সচৰাচৰ নাভিৰ ওচৰত আঙুলি দি দেখুৱায়। ৰিকাৰেণ্ট এবড’মিনেল পেইন ছিন্ড্র’ম বা ফাংচনেল পেটৰ বিষৰ ই এক বৈশিষ্ট্য। সেইবাবেই কোৱা হয় যে শিশুৰ পেটৰ বিষৰ স্থান নাভিৰ পৰা যিমান দূৰত থাকিব, সেই বিষৰ স’তে ৰোগ জড়িত থকাৰ আশংকা সিমানেই বৃদ্ধি পাব। এই ধৰণৰ পেটৰ বিষৰ শিশু ৰোগীয়ে অত্যধিক মানসিক চাপত ভোগে, কিছু গহীন প্রবৃত্তিৰ হৈ পৰে।
আনকি সেই শিশুৰ পিতৃ-মাতৃৰ মাজতো অতিমাত্রা উদ্বেগৰ ভাব লক্ষ্য কৰা যায়, কেতিয়াবা পিতৃ-মাতৃৰ মাজৰ কাৰোবাৰ মাইগ্রেনত ভোগাৰ ইতিহাসো থাকিব পাৰে।
ৰোগৰ স’তে সংশ্লিষ্ট নোহোৱা পেটৰ বিষ ‘ইৰিটেবল বাবেল ছিণ্ড’ম’ বা ‘নন্চলচাৰ ডিস্পেপছিয়াৰ’ৰ বাবেও হ’ব পাৰে। প্ৰথমটোৰ লক্ষণ হিচাপে কিছুদিনৰ ব্যৱধানত শিশুৰ পেট কামোৰে, এবাৰ ডায়েৰিয়া আৰু আনবাৰ পায়খানা কচা হোৱা দেখা যায়। দ্বিতীয়টোৰ লক্ষণবোৰ পেপটিক আলচাৰৰ ৰোগীৰ দৰে যদিও কোনো ঘা নাথাকে।
কৰণীয়
শিশুটিৰ পেটৰ বিষ যে কোনো ৰোগৰ কাৰণে নহয়, সেই কথা নিশ্চিত হোৱাৰ আগৰে পৰাই সতৰ্ক হৈ থকা উচিত। যিবোৰ অসুখৰ কাৰণে বাৰে বাৰে পেটৰ বিষ হয়, সেইবোৰ ভালদৰে চালিজাৰি চাব লাগে। এই ধৰণৰ যন্ত্ৰণাৰ সচৰাচৰ দেখা পোৱা দুটা কাৰণৰ এটা হৈছে, কৃমি বিশেষকৈ সংক্রমণ; জিয়াৰডিয়াছিছ, আনটো মূত্ৰনলীৰ সংক্ৰমণ। শিশুৰ পেপটিক আলচাৰ নহয়- এনে ভুল ধাৰণা বহুতৰে থাকে।
এঅবড ‘মিনেল টিউবাৰক’ল’ছিছ, লেশেজ ইন্ট’লাৰেঞ্চ ইত্যাদিও বিবেচনাত ৰাখিব লাগে। পেটৰ বিষ হোৱা শিশু ৰোগীৰ যথাযথ ইতিহাসৰ গম লৈ, শাৰীৰিক পৰীক্ষা কৰাই, পায়খানা আৰু প্ৰস্ৰাৱৰ নিয়মিত পৰীক্ষা,প্রয়োজনত ইছ’ফেগোগেষ্ট্ৰ’ডিঅ’ এণ্ড ‘স্কপিৰ সহায়ত সামগ্রিক মূল্যায়ন কৰিব পৰা যায়। অসুখ নথকা পেটৰ বিষত ঔষধৰ ভূমিকা নাই বুলি ক’ব পাৰি। শিশুৰ অভিভাৱকক শিশুটিৰ যে কোনো ৰোগ নাই, সেয়ে ক্ষতি হোৱাৰ কোনো কাৰণ নাই, সেই নিশ্চয়তাখিনি চিকিৎসকে প্রদান কৰিব লাগিব।






























