Helicopter emergency landing:
যান্ত্ৰিক বিজুতিৰ বাবে সেনাৰ হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ। তিনিচুকীয়া জিলাৰ অসম- অৰুণাচলৰ সীমান্তৱৰ্তী বৰডুমছাৰ কঁঠালগুৰিৰ ডিব্ৰুপৰীয়া খেলপথাৰত নিৰাপদে অৱতৰণ কৰা হয় সেনাৰ হেলিকপ্টাৰখন।
ইতিমধ্যে হঠাৎ হেলিকপ্টাৰ অৱতৰণ কৰাৰ খবৰ লাভ কৰি কঁঠালগুৰিৰ ডিব্ৰুপৰীয়া অঞ্চলৰ গঞা
ঢাপলি মেলে ডিব্ৰুপৰীয়া খেলপথাৰলৈ ৷ সেনাৰ বিশেষজ্ঞ দলে হেলিকপ্টাৰ খন পৰীক্ষা কৰি আছে ৷ আনহাতে স্থানীয় আৰক্ষী উপস্থিত হৈ নিৰাপত্তা দিশ নিৰীক্ষণ কৰিছে।
