Nagaon :
নগাঁও জিলাৰ সাতটা ৰাজহ চক্ৰৰ কে’বা হেজাৰ বিঘাচৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ নগাঁও জিলা প্রশাসনে প্রস্তুতি আৰম্ভ কৰিছে। নগাঁও জিলা প্ৰশাসনৰ তথ্য অনুসৰি নগাঁও জিলাত ১৯ হেজাৰ ৭০৯ বিঘা ভূমি অবৈধ বেদখলকাৰীৰ কৱলত আছে। অৱশ্যে অসম চৰকাৰৰ ৰাজহ বিভাগৰ তথ্য অনুসৰি, জিলাখনত মুঠ বেদখলীকৃত ভূমিৰ পৰিমাণ ইয়াৰ কে’বাগুণো বেছি।
নগাঁও জিলা প্ৰশাসনৰ তথ্য মতে, জিলাখনৰ ৰহা ৰাজহ চক্ৰত চাৰি হেজাৰ ৩৮১ বিঘা, নগাঁও সদৰ ৰাজহ চক্ৰত ছয় হেজাৰ ৫২ বিঘা, ৰূপহীহাটত সাতশ বিঘা, ধিঙত তিনি হেজাৰ ৪৭১ বিঘা, কামপুৰত দুহেজাৰ বিঘা, কলিয়াবৰত এহেজাৰ বিঘা আৰু চামগুৰিত দুহেজাৰ এশ বিঘা ভূমি বেদখলকাৰীৰ কৱলত আছে। উল্লেখ্য যে ৰূপহীহাট ৰাজহ চক্ৰৰ একাংশ অঞ্চলত ইতিপূর্বে উচ্ছেদ চলিছিল। এই বেদখলীকৃত ভূমিসমূহ বেদখলমুক্ত কৰিবৰ বাবে নগাঁও জিলা প্রশাসনে ছেপ্টেম্বৰৰ পৰা অভিযান চলাব বুলি জানিব পৰা গৈছে। নগাঁও জিলা প্রশাসনে চৰকাৰী ভূমি দখল কৰি থকা লোকসকলক স্বেচ্ছাই চৰকাৰী ভূমি খালী কৰি দিবলৈ আহ্বান জনাইছে।
উল্লেখ্য যে নগাঁও জিলা জমিয়ত উলেমাৰ উদ্যোগত নগাঁও চহৰৰ সমীপৰ কেন্দুগুৰিৰ
মার্কাজ একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত বর্তমান দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। নিজৰ ভাষণত আয়ুক্তজনে প্রসংগক্রমে নগাঁও জিলাত চৰকাৰী ভূমিত হৈ থকা বেদখলৰ তথ্য দাঙি ধৰে। এই ভূমিসমূহ বেদখলমুক্ত কৰা হ’ব বুলি আয়ুক্তজনে মন্তব্য কৰে।
জিলা আয়ুক্তজনে লগতে কয় যে অবৈধ বেদখলৰ বিষয়টো গুৰুত্বপূৰ্ণ সমস্যা হৈ পৰিছে আৰু সকলোৱে একগোট হৈ সমস্যাটো সমাধানৰ বাবে প্ৰচেষ্টা চলাব লাগিব। আয়ুক্তজনে আৰু কয় যে চৰকাৰে পৰৱৰ্তী সময়ত ভূমিহীনসকলৰ হকে ন্যায়সংগত ব্যৱস্থা গ্রহণ কৰিব। কিন্তু তাৰ বাবে চৰকাৰী ভূমি বেদখলমুক্ত হোৱাটো অতি প্রয়োজন।
স্মর্তব্য যে নগাঁও জিলা প্রশাসনে জিলাখনৰ কে’বাটাও ৰাজহ চক্র অঞ্চলত বেদখলকাৰীক বহুদিন পূর্বেই উচ্ছেদৰ জাননী দিছিল যদিও আজিকোপতি সেই উচ্ছেদ অভিযান আৰম্ভই নহ’ল।






























