Nandini Kashyap:
কাৰাগাৰতে থাকিব লাগিব বহু স্বল্পখ্যাত অভিনেত্ৰী নন্দিনী কাশ্যপ ৷ দ্বিতীয় বাৰৰ বাবে জামিন আবেদন নাকচ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। নিম্ন আদালতত জামিন আবেদন কৰাৰ নির্দেশ।
উল্লেখ্য যে মহানগৰীৰ দক্ষিণ গাৱঁত নন্দিনী কাশ্যপৰৰ বাহনৰ খুন্দাত মৃত্যু হৈছিল ছামিউল হক নামৰ নলবাৰীৰ এজন যুৱকৰ। ইয়াৰ পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নন্দিনীক ।
আনহাতে নন্দিনী কাশ্যপৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰত আজি যানবাহন আৰক্ষীয়ে আদালতত দাখিল কৰিলে চার্জশ্বীট ৷ ২৬ জুলাইত সংঘটিত দুৰ্ঘটনাটি এমাহ হোৱাৰ পূবেই দিছপুৰ যান-বাহন আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত চলাই ২০০ পৃষ্ঠাজোৰা চার্জশ্বীট দাখিল কৰে ৷ চার্জশ্বীটত ফৰেনচিকৰ প্ৰতিবেদন ,এমভিআই ৰিপৰ্ট আৰু টেকনিকেল পৰ্যবেক্ষণৰ তথ্য সহ কুৰিজন প্ৰত্যক্ষদৰ্শীৰ সাক্ষ্য সন্নিৱিষ্ট আছে ৷
