মস্তিষ্কত ছিপ লগালেই দূৰ হ’ব অন্ধত্ব

দৃষ্টিহীনৰ বাবে বিশেষ আৱিষ্কাৰ ছুইজাৰলেণ্ডৰ বিজ্ঞানীৰ

IMG 20250820 153525

Switzerland:✒️এক নতুন প্রযুক্তিয়ে এতিয়াৰ পৰা দৃষ্টিশক্তি ঘূৰি আহিব দৃষ্টিহীন লোকৰ চকুলৈ। অবিশ্বাস্য যেন লাগিলেও সেই দিন হয়তো আৰু বেছি দূৰত নাই। দীর্ঘ কে’বা দশক ধৰিয়ে স্নায়ু বিজ্ঞানীসকলে চেষ্টা অব্যাহত ৰাখিছিল এনে এক প্রযুক্তি আৱিষ্কাৰ কৰিবলৈ, যি চিৰকাললৈ মানুহৰ অন্ধত্ব দূৰ কৰিবলৈ সক্ষম হ’ব।

অৱশেষত সেই স্বপ্নকে বাস্তৱ ৰূপ দিবলৈ সক্ষম হৈছে ছুইজাৰলেণ্ডৰ এদল বিজ্ঞানীয়ে। ছুইজাৰলেণ্ডৰ লুজানেত অৱস্থিত ছুঁইছ ফেডাৰেল ইনষ্টিটিউট অব টেকন ‘লজিৰ এদল গবেষকে এনে এক স্নায়’বিক প্রতিস্থাপন যন্ত্র (নিউৰেল ইমপ্লেন্ট) তৈয়াৰ কৰিছে, যি পোনপটীয়াকৈ মস্তিষ্কৰ ভিজুবেল কর্টেক্সলৈ প্রেৰণ কৰে পোহৰ।

কেৱল সেয়াই নহয়। চকু নষ্ট হৈ পৰিলেও এই প্রযুক্তিয়ে কাম কৰে। এই পোহৰ কিন্তু একেবাৰে অস্পষ্ট নহয়; বৰঞ্চ উচ্চ ৰিজ’লিউচনৰ। পঢ়া-শুনা, মুখ চাই চিনিব পৰাৰ পৰা আৰম্ভ কৰি চোপাশৰ পথ আদি বিচাৰি লোৱাটো, সকলোবোৰেই সম্ভৱ হ’ব এই প্রযুক্তিত।

গৱেষকসকলে জনাইছে যে ডিভাইচটোৰ মূল প্রযুক্তি থিয় হৈ আছে হেজাৰ হেজাৰ সূক্ষ্ম ইলেক্ট্ৰ’ডৰ ওপৰত। এইবোৰ মস্তিষ্কৰ ভিজুরেল কর্টেক্সত স্থাপন কৰা হয়। তাৰ লগত তাঁৰবিহীনভাৱে যুক্ত হৈ থাকে এক বিশেষ চশমা। এই চশমাই চকুৰ কাম কৰে। কাৰণ ইয়াত থাকে ক্ষুদ্ৰাকৃতিৰ কেমেৰা।

সেই কেমেৰাই বাহিৰৰ দৃশ্যৰ ফটো তোলে। ইয়াৰ পাছত এটা এআই চালিত ছফ্টৱেৰে ফটোবোৰক মাস্তিষ্ক-বান্ধব বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰিত কৰে। সহজ কথাত ক’বলৈ হ’লে, মস্তিষ্কই যিদৰে স্নায়ুৰ মাধ্যমেৰে নিজস্ব স্বাভাবিক দৃষ্টিৰ সংকেত পায়, এই যন্ত্রটোরেও কৃত্রিমভাবে সেই কামকে কৰে।

ফলত চকু ক্ষতিগ্রস্ত হ’লেও ফটোবোৰ পোনপটীয়াকৈ মস্তিষ্কত উপনীত হয়। এই ইমপ্লেণ্টৰ সবাতোকৈ বিস্ময়কৰ দিশটো হৈছে, যিসকলে বহু দিনৰ আগৰে পৰাই চকুৰে দেখা নাপায়, তেওঁলোকেও কিছু সপ্তাহৰ ভিতৰতে নতুনকৈ দেখা পোৱা হয়। মস্তিষ্কয়ো বিষয়টোৰ স’তে দ্রুতগতিৰে স্বাভাৱিক হৈ পৰিছে।

মস্তিষ্কত নিউৰ’প্লাষ্টিচিটি বা নতুন অভ্যাস গ্রহণ কৰাৰ ক্ষমতাৰ বাবেই এয়া সম্ভৱ হৈছে। প্রযুক্তিটো সম্পূর্ণ তাঁৰবিহীন, দেহৰ স’তে সামঞ্জস্যপূর্ণ (বায়’কম্পেটিবল) তথা ইয়াত আছে অন্তর্নিহিত নিৰাপত্তা ব্যৱস্থা। ফলত অতিৰিক্ত বা ক্ষতিকাৰক বৈদ্যুতিক উদ্দীপনা বা মূৰত শ্বক লগাৰ আশংকা নাই।

চিকিৎসকসকলৰ মতে, ইয়াৰ ফলত এই যন্ত্রটো দীর্ঘম্যাদীভাবে ব্যৱহাৰ কৰিব পাৰি। অৱশ্যে ইয়াতেই শেষ নহয়। গৱেষকৰ দলে ভৱিষ্যতে এই প্রযুক্তিক আৰু উন্নত কৰাৰ পৰিকল্পনা কৰিছে।

কেৱল ইনপুট ছেন্সৰ পৰিৱৰ্তন কৰিলেই এই যন্ত্রই ইনফ্রাৰেড বা অতি বেঙুনীয়া ৰশ্মি চিনাক্ত কৰিব পাৰিব। অর্থাৎ অন্ধত্ব নিৰাময়ৰ সমান্তৰালকৈ মানুহৰ স্বাভাৱিক ইন্দ্ৰিয় সীমাৰ বাহিৰতো নতুন দৃষ্টিশক্তি যোগ কৰাটো সম্ভৱ হ’ব। অর্থাৎ অদৃশ্য অতি বেঙুনীয়া ৰশ্মিও মানুহে সহজে দেখা পাব।

ইতিহাসৰ দিশৰ পৰা চালেও এই আৱিষ্কাৰ অনন্য। ১৯৭০ৰ দশকৰ পৰাই এই ধৰণৰ কৰ্টিকাল ইমপ্লেণ্টৰ ধাৰণা আছিল; কিন্তু তেতিয়াৰ যন্ত্ৰবোৰে কেৱল কিছু ক্ষণৰ পোহৰহে তৈয়াৰ কৰিছিল। স্পষ্টকৈ একো দেখুওৱা নাছিল। প্রযুক্তি ইমান উন্নত নাছিল। ফলত মূৰত এই ধৰণৰ যন্ত্ৰ স্থাপন কৰাটো অত্যন্ত বিপজ্জনক আছিল।

বহু দশকৰ গৱেষণা আৰু প্ৰযুক্তিগত অগ্ৰগতিৰ পাছত অৱশেষত এনে এক সন্ধিক্ষণত আহি উপস্থিত হৈছে বিজ্ঞানীসকল, যি সভ্যতাৰ গতিপথক একেবাৰে সলাই পেলাব পাৰে।

একাংশ বিশেষজ্ঞৰ মতে, এই প্রযুক্তি কেৱল চিকিৎসা শাস্ত্রতেই নহয়, মানৱ সভ্যতাৰ অগ্ৰগতিৰ ইতিহাসতো মাইলৰ খুঁটি হৈ ৰ’ব। ই প্ৰমাণ কৰে যে প্রশিক্ষণ আৰু প্ৰযুক্তিৰ মাধ্যমেৰে মস্তিষ্কই সম্পূর্ণ নতুন ইন্দ্রিয়গ্রাহ্য অভ্যাস গ্রহণ কৰিব পাৰে।

Exit mobile version