যাতায়তৰ অনুপযোগী পথ , গাঁত থকা পথত ল’ব নোৱাৰিব টোল কৰ 

Toll

Supreme Court:✒️যি ৰাষ্ট্ৰীয়ঘাইপথ অসম্পূৰ্ণ, গাঁত অথবা যাতায়তৰ অনুপযোগী পথ তেনে পথত টোল টেক্স ল’ব নোৱাৰিব।এই ডাঙৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ ।

ত্ৰিচুৰ জিলাৰ পলাইক্কাৰা প্লাজাত টোল সংগ্ৰহ সন্দৰ্ভত কেৰালা উচ্চ ন্যায়ালয়ে দিয়া ৰায়ক গৃহীত কৰিছে উচ্চতম ন্যায়ালয়ে।

মুখ্য ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ এন ভি অঞ্জৰিয়াৰ বিচাৰপীঠে ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ আবেদন খাৰিজ কৰে। উচ্চ ন্যায়ালয়ৰ ছয় আগষ্টৰ ৰায়ৰ উদ্ধৃতি দি বিচাৰপীঠে কয়,”নাগৰিকৰ পৰা গাঁত আৰু নলাৰে ভৰা পথত যাত্ৰা কৰিবলৈ ধন লোৱাৰ পৰিৱৰ্তে তেওঁলোকে ইতিমধ্যে কৰ দিয়া পথত যাত্ৰা কৰাৰ স্বাধীনতা দিয়ক।”

একে সময়তে উচ্চ ন্যায়ালয়ৰ ৰায় সন্দৰ্ভতো উচ্চ ন্যায়ালয়ে কয় যে, উচ্চ ন্যায়ালয়ৰ যুক্তিৰ স’তে আমি কোনো কাৰণতে মতানৈক্য হ’ব নোৱাৰো।

ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই দাবী কৰিছে যে যদিও পথটোত যান-জঁটৰ সৃষ্টি হৈছিল, তথাপিও চলি থকা নিৰ্মাণ কামৰ বাবে সৰু সৰু ‘ব্লেক স্পট’ আছিল।

একে সময়তে তেওঁলোকে কয় যে, এই পৰিস্থিতি কেৱল ৬৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ পাঁচ কিলোমিটাৰ অংশতহে এই পৰিস্থিতি । কিন্তু উচ্চতম ন্যায়ালয়ে সেই দাবী নাকচ কৰি কয় যে এই পৰিস্থিতি ৬৫ কিলোমিটাৰৰ ভিতৰত পাঁচ কিলোমিটাৰত যদিও সমগ্ৰ অঞ্চলটো পাৰ হ’বলৈ বহু সময় লাগিছে।

যোৱা সপ্তাহৰ শেষৰ ফালে প্ৰায় ১২ ঘণ্টা ধৰি পথটো বন্ধ হৈ থকা বুলিও বিচাৰপীঠে উল্লেখ কৰে। শীর্ষ ন্যায়ালয়ে প্রশ্ন কৰে যে, “১২ ঘন্টা ধৰি বন্ধ হৈ থকা পথ এটা পাৰ হ’বলৈ কোনোবাই ১৫০ টকা কিয় দিব?”

Exit mobile version